মধ্যপ্ৰাচ্যত প্ৰায় এবছৰ ধৰি চলি আহিছে সংঘাত। লেবানন আৰু গাজাত চলি থকা যুদ্ধ সন্দৰ্ভত ইজৰাইলৰ পৰা এক ডাঙৰ বিবৃতি ওলাইছে। ইজৰাইলৰ এগৰাকী বিষয়াই জনাইছে যে, ইজৰাইলে ১০-১৪ দিনৰ ভিতৰত লেবাননত হিজবুল্লাহৰ সৈতে সংঘাতৰ অন্ত পেলাবলৈ যুদ্ধবিৰতি চুক্তিত উপনীত হ’ব পাৰে।
অৱশ্যে গাজাত যুদ্ধবিৰতি সন্দৰ্ভত কোনো ইতিবাচক লক্ষণ দেখা পোৱা নাই। তথ্য অনুসৰি, মোছাদৰ মুৰব্বী ডেভিদ বাৰ্নিয়াই গাজাত পণবন্দী হৈ থকা লোকসকলৰ আত্মীয়ক সাক্ষাৎ কৰি কয় যে, হামাছৰ সৈতে যুদ্ধবিৰতিৰ সম্ভাৱনা অতি কম।
যেতিয়া মোছাদৰ মুৰব্বীক ইজৰাইল চৰকাৰে যুদ্ধৰ অন্ত পেলাবলৈ সন্মতি দিব নেকি বুলি সোধা হৈছিল, তেতিয়া ডেভিদ বাৰ্নিয়াই কৈছিল যে, চুক্তিখনৰ আলোচনা কৰা দলটোৱে প্ৰধানমন্ত্ৰীৰ পৰা সম্পূৰ্ণ চুক্তি আৰু যুদ্ধৰ অন্ত পেলোৱাৰ কোনো নিৰ্দেশ পোৱা নাই।
খবৰ অনুসৰি বৰ্তমান দুখন সম্ভাৱ্য চুক্তিৰ আলোচনা চলি আছে। ইজিপ্তৰ ৰাষ্ট্ৰপতি আল চিছিয়ে প্ৰস্তাৱ কৰা প্ৰথমখন চুক্তিত দুদিনীয়া যুদ্ধবিৰতিৰ বিনিময়ত চাৰিজন ইজৰাইলী পণবন্দী আৰু কিছুমান পেলেষ্টাইনী বন্দীক মুকলি কৰি দিয়াৰ কথা আছিল। দ্বিতীয়খন চুক্তি হৈছে আমেৰিকা আৰু কাটাৰে প্ৰস্তাৱ কৰা চুক্তি য’ত সকলো পণবন্দীক মুকলি কৰি দিয়া আৰু সম্পূৰ্ণ যুদ্ধবিৰতি অন্তৰ্ভুক্ত কৰা হৈছে।
ইয়াৰ উপৰিও আমেৰিকাই লেবানন-ইজৰাইল সীমান্তত শান্তিৰ বাবেও চেষ্টা চলাই আছে। ৮ অক্টোবৰত গাজাত ইজৰাইলৰ আক্ৰমণৰ সমান্তৰালকৈ হিজবুল্লাহই ইজৰাইলৰ ওপৰত আক্ৰমণ আৰম্ভ কৰে। তেতিয়াৰ পৰা অহৰহ হিজবুল্লাহৰ লক্ষ্য হৈ আহিছে উত্তৰ ইজৰাইল। ২৩ ছেপ্টেম্বৰৰ পৰা ইজৰাইলে লেবাননত প্ৰৱেশ কৰি হিজবুল্লাহৰ ঘাটিত আক্ৰমণ আৰম্ভ কৰিছে, য’ত এতিয়ালৈকে প্ৰায় ৩ হাজাৰ লোক নিহত হৈছে।