অসমীয়া ভাষাই লাভ কৰিছে ধ্ৰুপদী ভাষাৰ স্বীকৃতি। অসমীয়া ভাষাৰ এই ঐতিহাসিক স্বীকৃতিক উদযাপন কৰাৰ উদ্দেশ্যে ৩ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰলৈকে ৰাজ্য চৰকাৰৰ নিৰ্দেশত ৰাজ্যজুৰি পালন কৰি থকা হৈছে ‘ভাষা গৌৰৱ সপ্তাহ’।
সেই অনুসৰি ৰঙিয়াতো আজি ভাষা গৌৰৱ সপ্তাহ উদযাপন কৰা হয়। সম-জিলা প্ৰশাসনৰ উদ্যোগত ৰঙিয়াৰ ঐতিহাসিক হৰদত্ত-বীৰদত্ত ভৱনত অনুষ্ঠিত হয় এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটো।
এই অনুষ্ঠানৰ পিছতেই সংবাদ মাধ্যমক সম্বোধন কৰি ধ্ৰুপদী ভাষা স্বীকৃতিৰ আঁৰত থকা অন্যতম গুৰুত্বপূৰ্ণ ব্যক্তি তথা অসম আৰক্ষীৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ড০ কুলধৰ শইকীয়া আৰু জুবিন গাৰ্গ সম্পৰ্কত গুৰত্বপূৰ্ণ মন্তব্য কৰে বিশিষ্ট চিন্তাবিদ, সাহিত্যিক, সুবক্তা ময়ূৰ বৰাই।
অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ দ্বাৰা প্ৰকাশিত ‘ধ্ৰুপদী অসমীয়া পটভূমি আৰু সফলতাৰ আঁৰৰ কথা’’ নামেৰে প্ৰকাশ কৰা কিতাপত অসম সাহিত্য সভাৰ নাম উল্লেখ নাই সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত বৰাই কয় ‘বেয়াটো আমিও সমালোচনা কৰিছো কিন্তু সাহিত্য সভাৰ ড০ কুলধৰ শইকীয়া ৰঙিয়াৰে সন্তান, অসমে গৌৰৱ কৰা এজন মানুহ, তেওঁৰ যিটো ভূমিকা সেইটো আমি ক’ব লাগিব। ভালটো আমি ক’ব লাগিব। ভাল কামক সাধুবাদ দিয়ক, বেয়া কামক গঠনমূলক সমালোচনা কৰক।’
ইফালে জুবিন গাৰ্গে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱাক লৈ একপ্ৰকাৰ কটাক্ষ আৰু অসমীয়া ভাষাটো ২০০ বছৰীয়া নহয় বুলি যি অদ্ভুট মন্তব্য কৰিছে তাৰো প্ৰতিক্ৰিয়া দিয়ে ময়ূৰ বৰাই।
জুবিন গাৰ্গ সন্দৰ্ভত তেওঁ কয়, ‘কিছুমান মানুহৰ ওপৰত মই মন্তব্য নিদিও। কাৰণ তেনেকুৱা মানুহ দেখিলে আপোনালোকে বা একাংশ মানুহে এনেকুৱা তৎপৰ হৈ যায় আৰু যিকোনো কথা শুধি দিয়ে। তেওঁক আইনষ্টাইনৰ ৰিলেটিভিটি থিয়’ৰীৰ কথা শুধিলেও কৈ দিব। তেনেকুৱা মানুহৰ ওপৰত মন্তব্য কৰিব লাগে বুলি মই নাভাবো।’
ময়ূৰ বৰাই লগতে কয়, ‘সৃষ্টিক মই শ্ৰদ্ধা কৰো, কিন্তু মানুহক লাগ-বান্ধ নোহোৱা কথা কৈ বিশেষকৈ নতুন প্ৰজন্মক বিপথে পৰিচালিত কৰা কথাবোৰক প্ৰশ্ৰয় দিয়াটো উচিত নহয়।’
উল্লেখ্য যে আজিৰ এই অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক সভাপতি তথা স্থানীয় বিধায়ক ভৱেশ কলিতা, জিলা আয়ুক্ত, সম-জিলা আয়ুক্ত দেৱাশীষ গোস্বামী, ৰঙিয়া পৌৰসভাৰ পৌৰপতি অমৰেন্দ্ৰ লহকৰৰ লগতে ৰঙিয়াৰ বিভিন্ন শিক্ষানুষ্ঠানৰ অধ্যাপক, শিক্ষক, বহু জ্যেষ্ঠ ব্যক্তিৰ লগতে একাংশ ছাত্ৰ-ছাত্ৰী।