২২ নৱেম্বৰৰ পৰা ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত পাঁচখন খেলৰ টেষ্ট শৃংখলা আৰম্ভ হ’ব আৰু এই গুৰুত্বপূৰ্ণ শৃংখলাৰ পূৰ্বে আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল কোন হ’ব টীম ইণ্ডিয়াৰ অধিনায়ক। প্ৰথম টেষ্ট মেচত ৰোহিত শৰ্মাই খেলত অংশগ্ৰহণ কৰাটো কঠিন, এনে পৰিস্থিতিত তেওঁৰ ঠাইত দলৰ কোনে এই দায়িত্ব ল’ব সেয়া এক ডাঙৰ প্ৰশ্ন।
নিউজিলেণ্ডৰ বিৰুদ্ধে ক্লীন ছুইপ পৰাজয়ৰ পিছত এতিয়া টীম ইণ্ডিয়াৰ পৰৱৰ্তী প্ৰত্যাহ্বান হৈছে অষ্ট্ৰেলিয়া ভ্ৰমণ। টীম ইণ্ডিয়াই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাঁচখন টেষ্ট শৃংখলা খেলিব লাগিব।ইয়াৰ প্ৰথমখন মেচ ২২ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব।
এই শৃংখলাত কোনো ব্যক্তিগত কাৰণত ৰোহিত প্ৰথমখন খেলত অংশগ্ৰহণ কৰিব নোৱাৰিব পাৰে। অষ্ট্ৰেলিয়া ভ্ৰমণৰ উপ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে জশপ্ৰীত বুমৰাহক আৰু তেওঁৱেই দলটোৰ দায়িত্ব ল’ব বুলি ধাৰণা কৰা হৈছে। কিন্তু টীম ইণ্ডিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ মহম্মদ কাইফৰ মতে দলটোৰ কমাণ্ড ঋষভ পন্টৰ হাতত অৰ্পণ কৰা উচিত।
মহম্মদ কাইফে কয় যে, বৰ্তমানৰ দলটোৰ পৰা টেষ্টৰ অধিনায়কত্বৰ ডাঙৰ প্ৰতিদ্বন্দ্বী কেৱল ঋষভ পণ্টহে। কাইফৰ মতে, ঋষভ পন্টো ইয়াৰ যোগ্য কিয়নো পন্টো যেতিয়াই খেলে, তেতিয়াই তেওঁ টীম ইণ্ডিয়াক সদায় ফ্ৰন্টফুটত ৰাখিবলৈ চেষ্টা কৰে। তেওঁ সদায় মেচ বিজয়ী ইনিংছ খেলিবলৈ চেষ্টা কৰে। সকলো ধৰণৰ পৰিস্থিতিতেই ৰান সংগ্ৰহ কৰাৰ তেওঁৰ ক্ষমতা আছে। ভাৰতৰ টাৰ্নিং পিটচতো তেওঁ ৰান সংগ্ৰহ কৰিছে। কাইফে পণ্টক সম্পূৰ্ণ বেটছমেন বুলি অভিহিত কৰে।
মহম্মদ কাইফে ঋষভ পন্টক টেষ্টৰ অধিনায়ক কৰাৰ কথা কৈছিল যদিও ইয়াৰ প্ৰকৃত কাৰণ তেওঁ উল্লেখ কৰা নাছিল। অৱশ্যে পন্টৰ পূৰ্বে বুমৰাহ যেন অধিনায়কৰ দৌৰত আগবাঢ়ি আছে। এই কাৰণেই বুমৰাহকো অষ্ট্ৰেলিয়া শৃংখলাৰ বাবে উপ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। যদিহে ৰোহিতে প্ৰথম টেষ্টত খেলিব নোৱাৰে, তেন্তে বুমৰাহক অধিনায়কৰ দায়িত্ব লোৱা দেখা যাব।