উত্তৰ প্ৰদেশৰ হৰদয় জিলাত বুধবাৰে এখন অটো আৰু ট্ৰাকৰ মাজত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত ১০ জন লোকৰ কৰুণ মৃত্যু হোৱাৰ বিপৰীতে আন চাৰিজন গুৰুতৰভাৱে আহত হয়। নিহতসকলৰ ভিতৰত আছে ৬গৰাকী মহিলা আৰু ৩টা শিশু।
এজন বাইক আৰোহীক বচাবলৈ গৈ এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে আটাইকেইটা মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে দুয়োখনো বাহন জব্দ কৰি থানালৈ লৈ যোৱা হৈছে।
ইফালে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে দুখ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা প্ৰতিজন মৃতকৰ পৰিয়াললৈ ২ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰ টকাৰ এককালীন সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে।
জানিব পৰা মতে, এই ঘটনাটো বিলগ্ৰাম থানা এলেকাৰ কাতৰা বিলহৌৰ ঘাইপথত সংঘটিত হৈছে। দুৰ্ঘটনাত আহত হোৱা লোকসকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
হৰদয়ৰ আৰক্ষী অধীক্ষক নীৰজ জাদাউনে জনোৱা মতে, বুধবাৰে দুপৰীয়া প্ৰায় ১২:৩০ বজাত বিলগ্ৰাম আৰক্ষী থানাত এক দুৰ্ঘটনা সংঘটিত হোৱাৰ তথ্য পোৱাৰ পিছতে আৰক্ষীয়ে সেই স্থানত উপস্থিত হয়। এই দুৰ্ঘটনাত ৬ গৰাকী মহিলাকে ধৰি ১০ জন লোকে প্ৰাণ হেৰুৱাইছে, য’ত তিনিটা শিশুও আছে।
স্থানীয় চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা চাৰিজন লোকক উন্নত চিকিৎসাৰ বাবে জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।