এক সুখবৰ দেশৰ কোটি কোটি কৃষকলৈ। আজি ১৮ জুনৰ দিনা কোটি কোটি কৃষকে লাভ কৰিব ধন। বাৰাণসী ভ্ৰমণৰ সময়তে আজি মোদীয়ে অনলাইন পদ্ধতিৰে জমা কৰাই দিব ধন। প্ৰধানমন্ত্ৰী সন্মান নিধি আঁচনিৰ ১৭ নম্বৰ কিস্তিৰ ধন লাভ কৰিব দেশৰ কৃষকে। প্ৰতিজন কৃষকৰ একাউণ্টত জমা হ’ব ২০০০কৈ টকা।
৯.২৬ কোটি কৃষকে লাভ কৰিব এই ধন। দেশৰ কৃষকৰ বাবে মোদী চৰকাৰে আৱণ্টন কৰিছে ২০হাজাৰ কোটি টকা। ১৭ নম্বৰ কিস্তিৰ ধন জাৰি কৰাৰ বাবে ইতিমধ্যে ফাইলত হস্তাক্ষৰ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। আনহাতে কৃষি ক্ষেত্ৰৰ বাবে চৰকাৰে ১০০ দিনীয়া আঁচনি তৈয়াৰ কৰিছে। ডিবিটি মাধ্যমেৰে ধনৰাশি জমা হ’ব কৃষকৰ একাউণ্টত। বাৰাণসীত মোদী জয়ী হোৱাৰ পিছত এয়া প্ৰথমটো ভ্ৰমণ। এই ভ্ৰমণ কালৰ সময়তে আজি তাৰিখে মোদী ডিবিটি মাধ্যমেৰে কৃষকক প্ৰদান কৰিব আঁচনিৰ ধন।