পশ্চিম বংগৰ মালদা জিলাত শনিবাৰে সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত তিনিজন লোকৰ মৃত্যু হয়। এই দুৰ্ঘটনাটো মালদাৰ হৰিশচন্দ্ৰপুৰ অঞ্চলত সংঘটিত হয়, য’ত এখন দ্ৰুতবেগী পিকআপ ভ্যানে খোজ কাঢ়িবলৈ ওলাই অহা তিনিজন লোকক পিছফালৰ পৰা খুন্দা মাৰে।
সংঘৰ্ষৰ পিছতে পিকআপ ভ্যানখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ খাৱৈত বাগৰি পৰে।
আৰক্ষীৰ তথ্য অনুসৰি দুৰ্ঘটনাত নিহত তিনিজন লোকৰ নাম দিলীপ সাহা (৪৯), ফেকন লাল ৰাম (৬০) আৰু সুৰেশ খৈতান (৬০)। তিনিওজনৰ থিতাতে মৃত্যু হৈছিল। মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
ঘটনা সন্দৰ্ভত এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই জানিব দিয়া মতে, পিকআপ ভ্যানখনৰ চালকজনো গুৰুতৰভাৱে আহত হোৱাৰ পিছত তেওঁক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত পিকআপ ভ্যানখন জব্দ কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।