ঘৰুৱা ক্ৰিকেটত এক বিশেষ কৃতিত্ব গঢ়ি বিশ্বৰ ক্ৰিকেট বিশেষজ্ঞসকলৰ দৃষ্টি কাঢ়িছে এগৰাকী ক্ৰিকেটাৰে। হাৰিয়ানা আৰু মুম্বাইৰ মাজত অনুষ্ঠিত হোৱা এখন মেচত ইতিহাস ৰচিবলৈ সক্ষম হৈছে হাৰিয়ানাৰ ক্ৰিকেটাৰ যশবৰ্ধন দলালে।
২৩ অনুৰ্ধ্ব চি কে নায়ডু ট্ৰফীৰ এই খেলখনত তেওঁ ৪০০ৰো অধিক ৰান সংগ্ৰহ কৰে। তেওঁৰ ইনিংছটোত আছিল ৪৬টা চাৰি আৰু ১২টা ছয়।
হাৰিয়ানা আৰু মুম্বাইৰ মাজত অনুষ্ঠিত এই মেচখনৰ দ্বিতীয় দিনৰ খেলৰ শেষলৈকে হাৰিয়ানাই ৮টা উইকেট হেৰুৱাই ৭৩২ ৰান সংগ্ৰহ কৰিছিল। এই সময়ছোৱাত যশবৰ্ধনে দলটোৰ হৈ ইনিংছ মুকলি কৰিবলৈ আহিছিল। দ্বিতীয় দিনলৈকে তেওঁ ৪৬৩টা বলৰ সন্মুখীন হৈ ৪২৬ ৰানৰ ইনিংছ খেলি অপৰাজিত হৈ থাকে। যশবৰ্ধনৰ ষ্ট্ৰাইক ৰেট আছিল ৯২.০১।
যশবৰ্ধনৰ সৈতে হাৰিয়ানাৰ বাবে ইনিংছ মুকলি কৰিবলৈ অহা অৰ্শেও ৩১১টা বলৰ মুখামুখি হৈ ১৫১ ৰান সংগ্ৰহ কৰে। অৰ্শৰ এই ইনিংছত আছিল ১৮টা চাৰি আৰু ১টা ছয়। এই সময়ছোৱাত দুয়োৰে মাজত হৈছিল ৪১০ ৰানৰ ইনিংছ।
উল্লেখ্য যে হাৰিয়ানা বেটাৰৰ সন্মুখত অসহায় হৈ পৰা পৰিলক্ষিত হৈছিল মুম্বাই। দ্বিতীয় দিনৰ খেলৰ শেষলৈকে হাৰিয়ানাই ৮টা উইকেট হেৰুৱাই ৭৩২ ৰান সংগ্ৰহ কৰিছে। এই সময়ত অৰ্শ আৰু যশবৰ্ধনৰ লগতে দলৰ আন বেটাৰসকলেও গুৰুত্বপূৰ্ণ অৰিহণা যোগাইছিল। অধিনায়ক সৰ্বেশ ৰোহিল্লাই ৫৯টা বলৰ মুখামুখি হৈ ৪৮ ৰান সংগ্ৰহ কৰে। ২৪ ৰান সংগ্ৰহ কৰি আউট হৈছিল পাৰ্থ ভেটছ।
ইফালে মুম্বাইৰ হৈ অথৰ্ব ভোছালে ৫৮ অভাৰত ১৩৫ ৰান খৰচ কৰি ৫ টা উইকেট দখল কৰিছে।