বিমানত যাত্ৰা কৰাৰ আমেজেই যেন সুকীয়া। ডাৱৰৰ মাজে মাজে কৰা এই যাত্ৰা যথেষ্ট ৰোমাঞ্চকৰ। পিছে এই ৰোমাঞ্চকৰ যাত্ৰা কেতিয়াবা হৈ পৰে বিপদসংকুল। বিশ্বত এনে কেইটামান বিমানবন্দৰ আছে, যি অতিকে বিপদসংকুল। ইয়াত উৰণ বা অৱতৰণ কৰাতো অতিকে প্ৰত্যাহ্বানমূলক। জানো আহক কেইটামান বিপদজনক বিমানবন্দৰৰ বিষয়ে-
বাৰা ইণ্টাৰনেশ্বনেল এয়াৰপোৰ্ট-
বিশ্বৰ এটা বিপদজনক বিমানবন্দৰ হৈছে বাৰা ইণ্টাৰনেশ্বনেল এয়াৰপোৰ্ট। ১৯৩৬ চনত নিৰ্মিত এই বিমান বন্দৰটো আছে স্কটলেণ্ডত। এই বিমানবন্দৰটোত টেক অফ আৰু লেণ্ডিং কৰা দুয়োটাই বিপদজনক। ইয়াত পোণপতীয়াকৈ সমুদ্ৰতীৰত বিমান অৱতৰণ বা উৰণ কৰা হয়।
ভুণ্টাৰ এয়াৰপোৰ্ট-
ভাৰতবৰ্ষৰ এটা বিপদজনক বিমানবন্দৰ হৈছে ভুণ্টাৰ এয়াৰপোৰ্ট।ইয়াক কুলুৰ বিকল্প বিমানবন্দৰ বুলিও জনা যায়। এই বিমানবন্দৰটোৰ ৰানৱেটোৰ চৌদিশ সু-উচ্চ পাহাৰেৰে আৱৰা। যাৰ বাবে ইয়াত লেণ্ডিং বা টেক অফ কৰিবলৈ পাইলটসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হয়।
টেনজিং-হিলাৰী এয়াৰপোৰ্ট-
বিশ্বৰ আন এটা বিপদজনক বিমানবন্দৰ হৈছে নেপালৰ টেনজিং-হিলাৰী এয়াৰপোৰ্ট।এই বিমান বন্দৰটোত সৰু বিমানৰ সেৱা আগবঢ়োৱা হয়। এই বন্দৰটোৰ ৰানৱে যথেষ্ট সৰু। পাহাৰৰ ওপৰত অৱস্থিত এই বিমান বন্দৰটোত অৱতৰণ কৰিবলৈ বহু পাইলটেই সহজে সাহস নকৰে।