আজি তিহাৰ কাৰাগাৰৰ পৰা বাহিৰলৈ আহিব অৰবিন্দ কেজৰিৱাল। দিল্লীৰ এখন আদালতে ১ লাখ টকাৰ জৰিমণা বিহি জামিন দিছে অৰবিন্দ কেজৰিৱালক।
অৰবিন্দ কেজৰিৱালৰ জামিনৰ বিৰোধিতা কৰি আবেদন দাখিল কৰিছিল EDয়ে। কিন্তু এই আবেদন খাৰিজ কৰি কেজৰিৱালক জামিন দিলে আদালতে। সুৰা কেলেংকাৰিৰ মাণি লণ্ড্ৰিং গোচৰত মুক্ত হৈ পৰিল অৰবিন্দ কেজৰিৱাল। ই ডিৰ বহু প্ৰশ্নৰ সন্মুখীন হৈছিল কেজৰিৱাল। ইয়াৰ পূৰ্বে ৯ বাৰকৈ চমন আহিছিল কেজৰিৱালৰ। ২১ মাৰ্চত নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল কেজৰিৱালক। বৃহস্পতিবাৰে দিল্লীৰ ৰাউজ এভিনিউ আদালতে অৰবিন্দ কেজৰিৱালক জামিন আবেদন মঞ্জুৰ কৰে।