ভাৰত আৰু অষ্ট্ৰেলিয়া মহিলা দলৰ মাজত হ’বলগীয়া এদিনীয়া শৃংখলাৰ বাবে ঘোষণা কৰা হ’ল ভাৰতীয় দল। হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত ঘোষণা কৰা ১৬ জনীয়া দলটোত অভিজ্ঞ খেলুৱৈৰ লগতে যুৱ খেলুৱৈক সুযোগ প্ৰদান কৰা হৈছে। স্মৃতি মান্ধনা, প্ৰিয়া পুনিয়া আৰু প্ৰিয়া মিশ্ৰৰ দৰে অভিজ্ঞ খেলুৱৈকো দলত স্থান দিয়া হৈছে।
৫ ডিচেম্বৰত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’ব এদিনীয়া শৃংখলাৰ প্ৰথমখন খেল। টিম ইণ্ডিয়াই এই শৃংখলাৰ বাবে দলত জেমিমা ৰড্ৰিগেজ, হাৰলিন দেওল, দীপ্তি শৰ্মা, যস্তিকা ভাটিয়া আৰু ৰিচা ঘোষক অন্তৰ্ভুক্ত কৰিছে। কিন্তু আশ্বৰ্যজনকভাৱে দলত স্থান পোৱা নাই ছেফালী বাৰ্মাই।
টিটাছ সাধু, অৰুন্ধতী ৰেড্ডী আৰু ৰেনুকা সিঙকো সুযোগ প্ৰদান কৰা হৈছে। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত প্ৰথমখন এদিনীয়া ৫ ডিচেম্বৰত অনুষ্ঠিত হ’ব। অহা ৮ ডিচেম্বৰত অনুষ্ঠিত হ’ব দ্বিতীয়খন এদিনীয়া। এই দুয়োখন মেচ ব্রিজবেনত অনুষ্ঠিত হ’ব৷ ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত তৃতীয়খন এদিনীয়া খেল পাৰ্থত অনুষ্ঠিত হ’ব।
তিনিখন খেলৰ এদিনীয়া শৃংখলাৰ বাবে ঘোষণা কৰা ভাৰতীয় দলটো :
হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মান্ধনা (উপ অধিনায়ক), প্ৰিয়া পুনিয়া, জেমিমা ৰড্ৰিগেজ, হাৰলিন দেওল, যস্তিকা ভাটিয়া (উইকেটৰক্ষক), ৰিচা ঘোষ (উইকেটৰক্ষক), তেজল হাছেবনিছ, দীপ্তি শৰ্মা, মিন্নু মণি, প্ৰিয়া মিশ্ৰ, ৰাধা যাদৱ, তিতাছ সাধু, অৰুন্ধতী ৰেড্ডী, ৰেনুকা সিং ঠাকুৰ, চাইমা ঠাকোৰ।