মঙলবাৰে জাপানক ২-০ গ’লত পৰাস্ত কৰি এছিয়ান চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতীয় মহিলা হকী দলে। ভাৰতীয় দলে অপৰাজিত ধাৰা অব্যাহত ৰাখি ছেমি ফাইনেলৰ অন্তিম ৰাউণ্ডত দুটা গ’ল দি ফাইনেলত নিজৰ স্থান নিশ্চিত কৰে। এতিয়া ভাৰতে ফাইনেলত চীনৰ বিৰুদ্ধে খেলিব।
অত্যন্ত আকৰ্ষণীয় মেচখনত ভাৰত আৰু জাপান দুয়োটা দলে প্ৰথম ৪৫ মিনিটত গ’ল দিব পৰা নাছিল। ভাৰতে ধাৰাবাহিকভাৱে পেনাল্টি কৰ্ণাৰ লাভ কৰি আছিল যদিও সেইবোৰক গ’ললৈ ৰূপান্তৰিত কৰাত ব্যৰ্থ হৈছিল। এই সময়ছোৱাত ভাৰতে ১১টা পেনাল্টি কৰ্নাৰ লাভ কৰাৰ বিপৰীতে জাপানে এটাও পেনাল্টি কৰ্নাৰ লাভ কৰা নাছিল।
উল্লেখ্য যে, দ্বিতীয়াৰ্ধত ভাৰতে সবিতা পুনিয়াক আঁতৰাই গ’লকীপাৰৰ দায়িত্ব দিয়ে বিচু দেৱীক। কোনো দলেই প্ৰথম তিনিটা কোৱাৰ্টাৰত গ’ল দিব পৰা নাছিল। ভাৰতৰ হৈ নৱনীতে পেনাল্টি ষ্ট্ৰ’কত প্ৰথমটো গ’ল দিয়াৰ বিপৰীতে দ্বিতীয়টো গ’ল লালৰেমছিয়ামীয়ে প্ৰদান কৰে।
এতিয়া বুধবাৰে ভাৰতে ফাইনেলত চীনৰ বিৰুদ্ধে খেলিব। এছিয়ান চেম্পিয়নছ ট্ৰফীৰ প্ৰথমখন ছেমি ফাইনেলত চীনে মালয়েছিয়াক ৩-১ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে।
অৱশ্যে গ্ৰুপ ৰাউণ্ডত মুখামুখি হৈছিল ভাৰত আৰু চীন। য’ত ভাৰতে ৩-০ গ’লত জয়লাভ কৰে। চীনে অলিম্পিকত ৰূপৰ পদক জয়ী হৈছিল যদিও ভাৰতো এই প্ৰতিযোগিতাখনৰ ডিফেণ্ডিং চেম্পিয়ন।