ভাৰতীয় মহিলা হকী দলে ৰচিলে ইতিহাস। মহিলা এছিয়ান চেম্পিয়নছ ট্ৰফী ২০২৪ৰ ফাইনেলত চীনক পৰাস্ত কৰি ভাৰতে দখল কৰিলে খিতাপ। এছিয়ান চেম্পিয়নছ ট্ৰফীৰ ইতিহাসত চতুৰ্থবাৰৰ বাবে ভাৰতীয় দলটোৱে এই খিতাপ দখল কৰিবলৈ সক্ষম হৈছে।
খেলখনৰ একমাত্ৰ গ’লটো আহে ৩১ মিনিটত। লাভ কৰা পেনাল্টিৰ জৰিয়তে ভাৰতৰ তাৰকা খেলুৱৈ দীপিকাই ইয়াক গ’ললৈ ৰূপান্তৰিত কৰে।
বিহাৰৰ ৰাজগীৰ স্প’ৰ্টছ কমপ্লেক্সত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখন চাবলৈ সমবেত হৈছিল হাজাৰ-হাজাৰ ক্ৰীড়ানুৰাগী।
ভাৰত আৰু চীনৰ মাজত খেলা চূড়ান্ত খেলখনত প্ৰথম দুটা কোৱাৰ্টাৰ গ’লবিহীন হৈ আছিল, অৰ্থাৎ হাফ টাইমলৈকে কোনো দলেই গ’ল দিব পৰা নাছিল। কিন্তু তৃতীয় কোৱাৰ্টাৰ আৰম্ভ হোৱাৰ পাছতেই প্ৰথম মিনিটতে ভাৰতে পেনাল্টি কৰ্ণাৰ লাভ কৰে, যিটো দীপিকাই গ’ললৈ ৰূপান্তৰিত কৰে।
এই টুৰ্ণামেণ্টত উজ্জ্বল প্ৰদৰ্শন আগবঢ়োৱা ভাৰতৰ দীপিকাই মুঠ ১১টা গ’ল প্ৰদান কৰে।