অহা বছৰ ফেব্ৰুৱাৰি মাহত অনুষ্ঠিত হ’ব দিল্লী বিধানসভা নিৰ্বাচন। আম আদমী পাৰ্টীয়ে সকলো আশ্বৰ্যকৰ তুলি বিধানসভা নিৰ্বাচনৰ বাবে প্ৰথমখন ১১ জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে। এই ১১ জন প্ৰাৰ্থীৰ ভিতৰত ৬ জনেই হৈছে বিজেপি আৰু কংগ্ৰেছৰ পৰা আপত যোগদান কৰা নেতা।
বিজেপি দল ত্যাগ কৰি আপৰ প্ৰাৰ্থিত্ব লাভ কৰা কেইগৰাকী হ’ল বিবি ত্যাগী, অনিল ঝা আৰু ব্ৰহ্ম সিং তম্বৰ।
চতৰপুৰৰ আপৰ বিধায়ক কৰতাৰ সিং তম্বৰে দল এৰি বিজেপিত যোগদান কৰাত এই সমষ্টিটোত আপে ব্ৰহ্ম সিং তম্বৰক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। ব্ৰহ্ম তম্বৰ বিজেপি এৰি আপত যোগ দিছিল।
উল্লেখ্য যে, ৭০ খন আসনৰ বাবে হ’বলগীয়া দিল্লী বিধানসভা নিৰ্বাচন অহা বছৰৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’ব। ২০২০ চনত অনুষ্ঠিত হোৱা দিল্লী বিধানসভা নিৰ্বাচনত আপে ৭০ খন আসনৰ ভিতৰত ৬২ খন আসনতে জয়ী হৈছিল।
উল্লেখ্য যে, দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে পূৰ্বতেই ঘোষণা কৰি থৈছিল যে জনসাধাৰণৰ পছন্দ অনুসৰি তথা জয়ী হ’ব পৰা প্ৰাৰ্থীকহে প্ৰাৰ্থিত্ব প্ৰদান কৰা হ’ব।
১১টা সমষ্টিৰ বাবে ঘোষণা কৰা প্ৰাৰ্থীৰ তালিকা