পেপাৰ ফাদিল প্ৰসংগত আজি দেশজুৰি কংগ্ৰেছৰ হাল্লাবোল। NET-NEET পৰীক্ষাৰ পেপাৰ লীক সন্দৰ্ভত সমগ্ৰ দেশতে প্ৰতিবাদ সাব্যস্ত কৰিব কংগ্ৰেছে।
NET-NEET পৰীক্ষাৰ প্ৰশ্ন ফাদিল প্ৰসংগত মোদী চৰকাৰক উভতি ধৰিছিল ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীৰ মতে প্ৰধানমন্ত্ৰী মোদীয়ে কিয় পেপাৰ ফাদিল বন্ধ কৰিব পৰা নাই বুলি প্ৰশ্ন। দেশৰ কেইবাটাও প্ৰান্তত কংগ্ৰেছৰ নেতা-সমৰ্থকে পেপাৰ লীক প্ৰসংগত সাব্যস্ত কৰিব প্ৰতিবাদ। NEET, নাৰ্ছিং কেলেংকাৰি, মধ্যপ্ৰদেশৰ সকলো পৰীক্ষাতে পেপাৰ ফাদিল প্ৰসংগত ভূপালত ধৰ্ণা প্ৰদৰ্শন কৰিব কংগ্ৰেছে।
এই ধৰ্ণা কাৰ্যসূচীত অংশ ল’ব দ্বিগবিজয় সিং, জিতু পাটোৱাৰীসহ কেইবাজনো কংগ্ৰেছী নেতাই। দেশৰ আন আন ৰাজ্যতো কংগ্ৰেছে ধৰ্ণাৰ বাবে চলাইছে প্ৰস্তুতি। ৰাহুল গান্ধীৰ অভিযোগ দেশত এতিয়া সঘনে পেপাৰ লীক হৈছে কিন্তু এই পেপাৰ ফাদিল ৰোধ কৰিব পৰা নাই প্ৰধানমন্ত্ৰী মোদীয়ে। বিজেপি চৰকাৰে শিক্ষাৰ্থীৰ ভৱিষ্যতৰ সৈতে ল’ৰা ধেমালি কৰিছে বুলিও অভিযোগ কৰিছে ৰাহুল গান্ধীয়ে।