অষ্ট্ৰেলিয়া মহিলা ক্ৰিকেট দলৰ উইকেটকীপাৰ বেটাৰ বেথ মুনীয়ে ৰচিলে ইতিহাস। মহিলা বিগ বেচ লীগত ৫০০০ ৰান সম্পূৰ্ণ কৰা বিশ্বৰ প্ৰথমগৰাকী ক্ৰিকেটাৰত পৰিণত হ’ল মুনী।
চলিত বিগ বেচ ছিজনৰ ৩৪ সংখ্যক মেচখনত মুনীয়ে এই বিশেষ কৃতিত্ব গঢ়িবলৈ সক্ষম হয়। ছিডনি ছিক্সাৰ্ছ ওমেনৰ বিৰুদ্ধে খেলা মেচখনত অপেনিং কৰিবলৈ অহা মুনীয়ে ৩৭ বলত ৪৪ ৰানৰ ইনিংছ খেলে। নিজৰ ইনিংছৰ ৪৩ ৰান সম্পূৰ্ণ কৰাৰ সময়তে তেওঁ এই বিশেষ কৃতিত্বৰ অধিকাৰী হয়।
উল্লেখ্য যে, মহিলা বিগ বেচ লীগত বেথ মুনীয়ে এই পৰ্যন্ত খেলা ১৪০টা ইনিংছত ৪৬.৩০ গড়ে মুঠ ৫০০১ ৰান সংগ্ৰহ কৰিছে। এই লীগত তেওঁৰ নামত আছে তিনিটা শতক আৰু ৪৩টা অৰ্ধশতক।
মহিলা বিগ বেচ লীগত সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ তালিকাৰ দ্বিতীয় স্থানত আছে আন এগৰাকী অষ্ট্ৰেলিয়াৰ অলৰাউণ্ডাৰ এলিছ পেৰী। পেৰীয়ে এতিয়ালৈকে খেলা ১৩৩ খন মেচৰ ১৩০ টা ইনিংছত ৪৬৩০ ৰান সংগ্ৰহ কৰিছে।
আনহাতে ৩৯৩২ ৰানৰ সহায়ত তৃতীয় স্থানত আছে নিউজিলেণ্ডৰ ছোফি ডিভাইন। চতুৰ্থ আৰু পঞ্চম স্থানত আছে ক্ৰমে এলিছে ভিলানী আৰু মেগ লেনিং। এই দুয়োগৰাকী খেলুৱৈয়ে এতিয়ালৈকে সংগ্ৰহ কৰিছে মুঠ ৩৫৯৯ আৰু ৩১৬৬ ৰান।