শিলচৰ চিকিৎসা মহাবিদ্যালয়ত সংঘটিত হৈছে এক অবাঞ্চিত ঘটনা। চিকিৎসা মহাবিদ্যালয়খনত আৰক্ষীৰ জিম্মাৰ পৰা এগৰাকী বাংলাদেশী নাগৰিকে পলায়ন কৰা বুলি জানিব পৰা গৈছে।
হাইলাকান্দি আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰা বাংলাদেশী নাগৰিকজনক চিহাম উদ্দিন (৩০) বুলি চিনাক্ত কৰা হৈছে।
উল্লেখ্য যে, দুমাহ পূৰ্বে হাইলাকান্দি জিলাৰ লালা আৰক্ষী চকীৰ অৰ্ন্তগত ধনীপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা বাংলাদেশী নাগৰিকজন।
ইয়াৰ পিছতে আদালতৰ নিৰ্দেশত হাইলাকান্দিৰ জিলা কাৰগাৰালৈ প্ৰেৰণ কৰা হৈছিল নাগৰিকজনক। কিন্তু জে’লত শাৰিৰীকভাৱে অসুস্থ হৈ পৰাত যোৱা ১০ নৱেম্বৰৰ পৰা শিলচৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল চিহাম।
হাস্পতালত চিহামৰ নিৰাপত্তাৰ দায়িত্বত আছিল তিনিজন আৰক্ষী। কিন্তু যোৱা নিশা আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰে অবৈধ বাংলাদেশী নাগৰিকজন।
অৱশ্যে পলায়ন কৰা নাগৰিকজনক পুনৰ কৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে অভিযান চলাই থকা বুলিও জানিব পৰা গৈছে।