পাকিস্তানৰ খাইবাৰ পাখতুনৰ কুৰৰম জিলাত বৃহস্পতিবাৰে সংঘটিত হৈছে এক ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ। এদল অস্ত্ৰধাৰী দুৰ্বৃত্তই এখন যাত্ৰীবাহী বাছত চলোৱা নিৰ্বিচাৰ গুলীচালনাত ৪২ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ১০ জনতকৈও অধিক লোক আহত হয়।
বিগত ৮ বছৰৰ ভিতৰত পাকিস্তানত এইটোৱে বৃহত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা বুলি অভিহিত কৰা হৈছে। উল্লেখ্য যে যোৱা মাহৰ পৰা খাইবাৰ পাখতুন আৰু বেলুচিস্তান প্ৰান্তত অভাৱনীয় হাৰত বৃদ্ধি পাইছে সন্ত্ৰাসবাদী কাৰ্যকলাপ।
আজি সংঘটিত এই ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাটোত তীব্ৰ ভাষাৰে গৰিহণা প্ৰদান কৰিছে ৰাষ্ট্ৰপতি আছিফ আলী জৰদাৰীয়ে। তেওঁ লগতে ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰি আহত সকলৰ আশু আৰোগ্য কামনা কৰে।
ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে এই ঘটনাত জড়িত লোকসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰাৰো আশ্বাস প্ৰদান কৰে।