২০ নৱেম্বৰ অৰ্থাত বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ ২৮৮ খন আসনৰ বাবে সম্পন্ন হৈ যায় বিধানসভা নিৰ্বাচন। ভোটগ্ৰহণ অন্ত পৰাৰ পিছতে প্ৰকাশ পাইছিল এগজিট প’ল। বিভিন্ন সংস্থাই প্ৰকাশ কৰা এগজিট প’লত মহাৰাষ্ট্ৰত পুনৰবাৰ মহাযুটী অৰ্থা বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰেই চৰকাৰ হ’ব বুলি ইংগিত প্ৰদান কৰিছে।
অধিকাংশ এগজিট প’লে প্ৰকাশ কৰা তথ্যক একপ্ৰকাৰ ভুল বুলি অভিহিত কৰি উদ্ধৱ থাকৰে নেতৃত্বাধীন শিৱসেনাৰ নেতা সঞ্জয় ৰাউতে কয় যে বহু লোকে নিজৰ মত খুলি প্ৰকাশ নকৰে।
সঞ্জয় ৰাউটে কয় যে মহাৰাষ্ট্ৰত মহা বিকাশ আঘাড়ীয়ে চৰকাৰ গঠন কৰিব আৰু তেওঁলোকৰ মিত্ৰজোঁটে ১৬০-১৬৫খন আসন লাভ কৰিব।
এগজিট প’লৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শিৱসেনাৰ নেতা সঞ্জয় ৰাউতে, ‘গণতন্ত্ৰত যি ভোটদান প্ৰক্ৰিয়া হয় সেয়া গোপনীয়। মানুহে সদায় মুকলিকৈ নিজৰ মতামত প্ৰকাশ নকৰে।’
সাংসদগৰাকীয়ে কয় যে, লোকসকলে কোন দলক ভোট প্ৰদান কৰিছে সেয়া মন খুলি নকয় আৰু হাৰিয়ানাতো সেয়াই সংঘটিত হৈছিল। এগজিট প’ল অনুসৰি হাৰিয়ানাত কংগ্ৰেছ জয়ী হ’বলগীয়া আছিল, কিন্তু তাত কি হ’ল আপোনালোকে দেখিলে।
সঞ্জয় ৰাউতে কয় যে লোকসভাৰ এগজিট প’ল অনুসৰি প্ৰধানমন্ত্ৰী মোদীৰ চৰকাৰে ৪০০ৰো অধিক আসন লাভ কৰিব বুলি কৈছিল, কিন্তু প্ৰকৃততে কি হ’ল সকলোৱে দেখিলে।
শিৱসেনাৰ নেতা সঞ্জয় ৰাউতে কয় যে ২৩ নৱেম্বৰৰ পুৱা ১০-১১ বজাৰ ভিতৰত সম্পূৰ্ণ ফলাফল আহিব। ‘আমি ১৬০-১৬৫খন আসন লাভ কৰিম’, এইদৰে কয় নেতাজনে।