কোচ বিহাৰ ট্ৰফীত চমকপ্ৰদ প্ৰদৰ্শন ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ বীৰেন্দৰ সেহৱাগৰ পুত্ৰ আৰ্যবীৰ সেহৱাগৰ। মেঘালয়ৰ বিৰুদ্ধে ২৯৭ ৰানৰ দৰ্শনীয় ইনিংছ খেলা আৰ্যবীৰক লৈ এতিয়া ছ’চিয়েল মিডিয়াত চলিছে ব্যাপক চৰ্চা।
মেঘালয়ৰ এমচিএ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই মেচখনত দিল্লীৰ হৈ খেলা ১৭ বছৰীয়া আৰ্যবীৰে ৫১টা চাৰি আৰু তিনিটা ছয়েৰে ২৯৭ ৰানৰ এই বিশাল ইনিংছ খেলে।
মেঘালয়ৰ বলাৰক দিশহাৰা কৰি তোলা এই ইনিংছটোৰ পিছতে তেওঁৰ পিতৃ বীৰেন্দৰ সেহৱাগে ছ’চিয়েল মিডিয়াযোগে পুত্ৰক ধেমেলীয়া ভাষাৰে প্ৰশংসা কৰা দেখা যায়। উপহাৰ হিচাপে পুত্ৰই ফেৰাৰী লাভ কৰাৰ পৰা বঞ্চিত হ’ল বুলি মন্তব্য কৰে।
‘ভাল খেলিছা আৰ্যবীৰ। ২৩ ৰানৰ বাবে তুমি ফেৰাৰী নাপালা। কিন্তু ভাল খেলিছা, নিজৰ ভিতৰৰ জুইকুৰা জ্বলাই ৰাখা আৰু আশা কৰিছো তুমি এনেধৰণৰ ডাঙৰ ডাঙৰ শতক, দ্বিশতক আৰু ত্ৰিশতক অৰ্জন কৰি যাবা। খেলি থাকা’, এইদৰে টুইট কৰে সেহৱাগে।
আৰ্যবীৰে কিয় ফেৰাৰী মিছ কৰা বুলি ক’লে পিতৃ সেহৱাগে?
উল্লেখ্য যে, প্ৰথম শ্ৰেণী ক্ৰিকেটত বীৰেন্দ্ৰ সেহৱাগৰ নামত থকা সৰ্বোচ্চ স্ক’ৰৰ অভিলেখ তেওঁৰ পুত্ৰই ভংগ কৰিব নোৱাৰাৰ বাবেই এই মন্তব্য কৰিছে। ২০০৮ চনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চেন্নাই টেষ্টত ৩১৯ ৰানৰ দুৰ্দান্ত ইনিংছ খেলিছিল বীৰেন্দৰ সেহৱাগে। সেইটো আছিল সেহৱাগৰ টেষ্ট ক্ৰিকেটৰ সৰ্বোচ্চ স্ক’ৰ।
২০১৫ চনৰ অক্টোবৰত অৱসৰ গ্ৰহণ কৰাৰ পিছত বিচিচিআইয়ে দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত আয়োজন কৰা এক অনুষ্ঠানত সেহৱাগে কৈছিল যে যদিহে তেওঁৰ নামত থকা ৩১৯ ৰানৰ সৰ্বোচ্চ স্ক’ৰ তেওঁৰ দুই পুত্ৰ (আৰ্যবীৰ আৰু বেদান্ত)ই ভংগ কৰিব পাৰে তেন্তে উপহাৰ হিচাপে দিব ফেৰাৰী।
কোচ বিহাৰ ট্ৰফীত মেঘালয়ৰ বিৰুদ্ধে খেলা মেচখনত আৰ্যবীৰে মাত্ৰ ২৩ ৰানৰ বাবে ভংগ কৰিব নোৱাৰিলে পিতৃৰ অভিলেখ। সেয়ে এতিয়া সামাজিক মাধ্যমত উচ্চাৰিত হৈছে ফেৰাৰীৰ প্ৰসংগ।