অনিৰ্দিষ্টকালৰ বাবে সত্যাগ্ৰহত বহিব জলমন্ত্ৰী আতিশী মাৰ্লেনাই। দিল্লীত এটুপি পানীৰ বাবে হাহাকাৰ কৰিছে জনতাই।
কেন্দ্ৰই এই ভয়ংকৰ জলসংকট গুৰুত্ব নিদিয়াৰ বাবেই আজিৰে পৰা সত্যাগ্ৰহত বহিব জলমন্ত্ৰী আতিশী। হাৰিয়ানাই পানী যোগান নধৰাৰ প্ৰসংগত প্ৰধানমন্ত্ৰী মোদীৰ হস্তক্ষেপ বিচাৰিছিল দিল্লীৰ জলমন্ত্ৰী আতিশী মাৰ্লেনাই। কোনো সঁহাৰি লাভ নকৰাৰ বাবেই আজিৰে পৰা অনিৰ্দিষ্টকালৰ বাবে অনশন সত্যাগ্ৰহত বহিব আতিশীয়ে। অনশনত বহাৰ পূৰ্বে কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱালৰ সৈতে ৰাজঘাটত থকা মহাত্মা গান্ধীৰ সমাধিথলীলৈ গৈ শ্ৰদ্ধাঞ্জলি জনাব আতিশী মাৰ্লেনাই। দুপৰীয়া ১২ বজাৰ পৰা অনিৰ্দিষ্ট কালৰ বাবে সত্যাগ্ৰহ অনশনত বহিব আতিশী মাৰ্লেনা। জংগপুৰ ভোগলত অনশন সত্যাগ্ৰহৰ বাবে সাজু হৈছে জলমন্ত্ৰীগৰাকী। যেতিয়ালৈকে দিল্লীবাসীয়ে হাৰিয়ানাৰ পৰা প্ৰাপ্য পানী নাপায় সেই পৰ্যন্ত আতিশীয়ে অব্যাহত ৰাখিব অনশন।