দপ্তৰ সলনি হ’ব অসমৰ বহু মন্ত্ৰীৰ। ইংগিত দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
১৫ আগষ্টৰ পূৰ্বেই অসম মন্ত্ৰীসভাত হ’ব ৰদবদল। আজি যোগ দিৱসৰ দিনা এই ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংবিধানমতে ১৯জনীয়া মন্ত্ৰীসভাৰ ৰদবদল হ’ব শীঘ্ৰেই। ১৯জন মন্ত্ৰীৰ কোনে কি দপ্তৰ লাভ কৰে সেয়া ১৫ আগষ্টৰ পূৰ্বেই জানিব পৰা যাব। তেজপুৰত যোগ দিৱসত উপস্থিত হৈ এই ঘোষণা কৰিলে হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ মন্ত্ৰীসভাত কোনে কি দপ্তৰ লাভ কৰিব সেয়া স্পষ্ট হৈ উঠিব কেইদিনমান পিছতেই।