৬ বছৰৰ পাছত টেষ্ট ক্ৰিকেটলৈ উভতি আহিছে বিৰাট কোহলী। দীৰ্ঘদিন ধৰি দীঘলীয়া ইনিংছত ভাল প্ৰদৰ্শন কৰিব নোৱাৰা বিৰাটে পাৰ্থত এই অপেক্ষাৰ অন্ত পেলায়।
অপ্টাছ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন খেলৰ তৃতীয় দিনা বিৰাট কোহলীয়ে এক উজ্জ্বল শতক অৰ্জন কৰে। দ্বিতীয় ইনিংছত যশস্বী জয়ছৱাল আৰু কে এল ৰাহুলৰ উৎকৃষ্ট আৰম্ভণিৰ পাছত বিৰাটে দায়িত্ব লয় আৰু টেষ্ট কেৰিয়াৰৰ ৩০তম শতক অৰ্জন কৰে। এই শতকৰ লগে লগে বিৰাটে শচীন টেণ্ডুলকাৰ আৰু ডন ব্ৰেডমেনৰ দৰে শ্ৰেষ্ঠ বেটছমেনকো চেৰ পেলায়।
বিৰাট কোহলীয়ে বহু সময় ধৰি এনে এটা ইনিংছৰ বাবে অপেক্ষা কৰি আছিল আৰু তেওঁৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছিল। এনে পৰিস্থিতিত তেওঁ অষ্ট্ৰেলিয়াত এই অপেক্ষাৰ অন্ত পেলাব বুলি আশা কৰা হৈছিল, কাৰণ তেওঁ অষ্ট্ৰেলিয়াত সদায় ভাল প্ৰদৰ্শন দি আহিছে।
প্ৰথম ইনিংছত মাত্ৰ ৫ ৰানৰ বাবে আউট হোৱা কোহলীয়ে দ্বিতীয় ইনিংছত কামবেক কৰি ৪৯১ দিনৰ অন্তত টেষ্ট ক্ৰিকেটত শতকীয় খৰাং পৰিস্থিতিৰ অন্ত পেলায়। এই ইনিংছৰ জৰিয়তে বিৰাটেও কিছু উৎকৃষ্ট অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।
টেষ্ট কেৰিয়াৰৰ ৩০তম শতক অৰ্জন কৰিছে বিৰাট কোহলিয়ে। এইদৰে তেওঁ টেষ্টত ৩০টা বা তাতকৈ অধিক শতক অৰ্জন কৰা চতুৰ্থজন ভাৰতীয় হিচাপে পৰিগণিত হৈছে। তেওঁৰ পূৰ্বে শচীন তেণ্ডুলকাৰ (৫১), ৰাহুল দ্ৰাবিড় (৩৬) আৰু সুনীল গাভাস্কৰে (৩৪) এই কৃতিত্ব কৰিছিল।
এই শতকৰ লগে লগে বিৰাট কোহলীয়ে চেৰ পেলায় সৰ্বশ্ৰেষ্ঠ বেটছমেন ছাৰ ডন ব্ৰেডমেনক। ব্ৰেডমেনে ২৯টা শতক অৰ্জন কৰিছিল।
লগতে, অষ্ট্ৰেলিয়াৰ মাটিত বিৰাট কোহলীৰ এয়া সপ্তম টেষ্ট শতক, যিটো যিকোনো ভাৰতীয় বেটছমেনৰ সৰ্বাধিক। শচীনৰ অভিলেখ ভংগ কৰিলে বিৰাটে।
অষ্ট্ৰেলিয়াৰ মাটিত সৰ্বাধিক শতক অৰ্জন কৰা বিদেশী খেলুৱৈৰ ক্ষেত্ৰত বিৰাট কোহলী দ্বিতীয় স্থানত আছে। তেওঁৰ সন্মুখত আছিল ইংলেণ্ডৰ মহান বেটছমেন জেক হবছ (১১)।
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট কেৰিয়াৰত নৱম শতক অৰ্জন কৰে বিৰাট কোহলীয়ে। একে সময়তে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ ইতিহাসত সৰ্বাধিক শতক অৰ্জন কৰাৰ ক্ষেত্ৰত শচীনৰ অভিলেখৰ সমান কৰিছে। দুয়োৰে নামত এতিয়া ৯-৯ শতিকা।
বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত ২০০০ ৰান সম্পূৰ্ণ কৰা পঞ্চমজন ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হয় বিৰাট কোহলি। তেওঁৰ পূৰ্বে শচীন তেণ্ডুলকাৰ, ৰাহুল দ্ৰাবিড়, ভি ভি এছ লক্ষ্মণ আৰু চেতেশ্বৰ পূজাৰাই এই কাম কৰিছে।