মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব? এই সন্দৰ্ভত যি অস্থিৰতাৰ সৃষ্টি হৈছিল, সেয়া অন্ত পেলালে ভাৰপ্ৰাপ্ত মুখ্যমন্ত্ৰী একনাথ সিন্দেই। পৰৱৰ্তী মুখ্যমন্ত্ৰীক লৈ চলি থকা জল্পনা-কল্পনাৰ মাজতে আজি একনাথ সিন্দেই সংবাদমেল সম্বোধন কৰি কয় যে মই এজন মুকলি হৃদয়ৰ ব্যক্তি। মই সৰু-সৰু কথা ভাবি নাথাকো। মই ৰাইজৰ হৈ কাম কৰা নেতা।
একনাথ সিন্দেই কয়, ‘কালি প্ৰধানমন্ত্ৰী মোদীয়ে মোক ফোন কৰিছিল। মই তেওঁক ক’লো যে নতুন চৰকাৰ গঠনত মোৰ ফালৰ পৰা কোনো সমস্যা নহ’ব। মুখ্যমন্ত্ৰী পদৰ প্ৰতি মোৰ কোনো হেঁপাহ নাই। আপুনি আপোনালোকৰ সিদ্ধান্ত গ্ৰহণ কৰক। মহাযুটী আৰু এন ডি এৰ মুৰব্বীসকলে একেলগে যি সিদ্ধান্ত ল’ব, সেয়া মোৰ বাবে গ্ৰহণযোগ্য হ’ব।’
‘মই নৰেন্দ্ৰ মোদীক কৈছে যে মোৰ কথা ভবাতকৈ বা কোৱাতকৈ মহাৰাষ্ট্ৰৰ জনসাধাৰণ আৰু ৰাজ্যখনৰ কথা চিন্তা কৰক। মই অমিত শ্বাহকো একে কথাই কৈছো যে মোৰ ফালৰ পৰা কোনো সমস্যা নহ’ব। আপোনাৰ সিদ্ধান্ত চূড়ান্ত হ’ব’, এইদৰে কয় সিন্দেই।
উল্লেখ্য যে, শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন মহাযুটীয়ে প্ৰচণ্ড বিজয় সাব্যস্ত কৰিছিল। আৰু ইয়াৰ পিছতেই মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব তাক লৈ জল্পনা-কল্পনা আৰম্ভ হৈছিল। অৱশ্যে সৰ্ববৃহত দল হিচাপে বিজেপিৰ ফালৰ পৰাই পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব বুলি একপ্ৰকাৰ খাটাং হৈ পৰিছে।