ৰাইজৰ নিঃস্বাৰ্থ সেৱাত নিয়োজিত আৰক্ষী বিষয়াই যেতিয়া দুৰ্নীতি আৰু অনিয়ম সংঘটিত কৰে তেন্তে সেই সমাজ কিদৰে সুৰক্ষিত হ’ব। বিভিন্ন সময়ত আৰক্ষীৰ দুৰ্ব্যৱহাৰ আৰু উৎকোচ লোৱা ঘটনাই সাধাৰণ ৰাইজক অতিষ্ঠ কৰি আহিছে।
নিতৌ ইয়াৰ বিৰুদ্ধে বাতৰি সম্প্ৰচাৰ হৈ থকাৰ পিছতো গা লৰা নাই একাংশ আৰক্ষী বিষয়াৰ। এইবাৰ অন কেমেৰাত ধন সংগ্ৰহ কৰাৰ ভিডিঅ’ ভাইৰেল হোৱা এগৰাকী আৰক্ষী বিষয়া নিলম্বন হৈছে।
ধুবুৰীৰ আটানি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ধনঞ্জয় ৰাভাক জিলা আৰক্ষী অধীক্ষকে নিলম্বন কৰিছে। জিলা আৰক্ষী অধীক্ষক নবীন সিঙে জনাইছে এই কথা।
জানিব পৰা অনুসৰি, নিজৰ বাহনত বহি এজন লোকৰ পৰা ধন সংগ্ৰহ কৰি থকাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতেই সংবাদ মাধ্যমত সম্প্ৰচাৰ হৈছিল বাতৰি।
বাতৰিৰ পিছতেই তাৎক্ষণিকভাৱে নিলম্বন কৰা হয় ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীক।
উল্লেখ্য যে, এইগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে পূৰ্বেও বহু দুই নম্বৰী তথা অনৈতিক কাম-কাজ কৰাৰ অভিযোগ আছে।