বলিউদৰ অভিনেত্ৰী শিল্পা ছেট্টীৰ স্বামী তথা ব্যৱসায়ী ৰাজ কুন্দ্ৰাৰ বাসগৃহ আৰু কাৰ্যালয়ত ইডিয়ে অভিযান চলাইছে। পৰ্ণগ্ৰাফীৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত এই অভিযান চলোৱা হৈছে।
এই গোচৰত এই ভিডিঅ’সমূহৰ জৰিয়তে দেশত সংগ্ৰহ কৰা ধন বিদেশলৈ স্থানান্তৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। ধন সৰবৰাহৰ গোচৰৰ তদন্ত এতিয়া ইডিয়ে আৰম্ভ কৰিছে। অৱশ্যে এইধৰণৰ অভিযান নতুন নহয়, ইয়াৰ পূৰ্বে মুম্বাই আৰক্ষীয়ে পৰ্ণগ্ৰাফী গোচৰত ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰ কৰিছিল।
উল্লেখ্য যে, ৰাজ কুন্দ্ৰা আৰু তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে পুনৰ ইডিয়ে চলোৱা অভিযানৰ পিছতেই বলিউদ জগতত সৃষ্টি হৈছে চাঞ্চল্যৰ। এই অভিযানত কেইবাটাও চাঞ্চল্যকৰ তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। বৰ্তমান ইডিয়ে সকলো নথি-পত্ৰ তন্নতন্নকৈ পৰীক্ষা নিৰীক্ষা কৰি থকাৰ খবৰ আহিছে।
উল্লেখ্য যে, ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত মুম্বাই আৰক্ষীয়ে উৎখাত কৰিছিল এটা পৰ্ণ ৰেকেট। ইয়াৰ পিছতেই মুম্বাই আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে অশ্লীল ছবি নিৰ্মাণ আৰু সেইসমূহ বিভিন্ন অ’টিটি প্লেটফৰ্মত মুকলি কৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল।
গোচৰ ৰুজু কৰাৰ পিছৰে পৰা আৰক্ষীয়ে ক্ষীপ্ৰগতিৰে তদন্ত আৰম্ভ কৰি বিভিন্ন স্থানত অভিযান চলাইছিল। এই অভিযানত আৰক্ষীৰ হাতত ধৰা পৰিছিল চাৰিজন লোক। এই চাৰিজন লোকক সোধাপোচা কৰাৰ পিছতেই পোহৰলৈ আহিছিল শিল্পা ছেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাৰ নাম। পৰ্যাপ্ত তথ্যৰ ভিত্তিত পিছত আৰক্ষীয়ে ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰ কৰে।