চেম্পিয়নছ ট্ৰফী ২০২৫ সন্দৰ্ভত এতিয়াও সমাধান উলিয়াব পৰা নাই আই চি চিয়ে। ইয়াৰ বাবে শুকুৰবাৰে আইচিচিয়ে এখন গুৰুত্বপূৰ্ণ বৈঠকৰ আয়োজন কৰিছিল। এই বৈঠকখনত বিচিচিআইৰ লগতে পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ বিষয়াসকলেও অংশগ্ৰহণ কৰিছিল।
কিন্তু শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, আজিৰ এই বৈঠকতো কোনো সমাধান লাভ নকৰিলে। এই সন্দৰ্ভত শনিবাৰে পুনৰ আন এখন বৈঠক অনুষ্ঠিত হ’ব।
আইচিচিয়ে হাইব্ৰিড মডেলত চেম্পিয়নছ ট্ৰফী ২০২৫ অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে। কিন্তু ইয়াৰ ঘোৰ বিৰোধিতা কৰিছে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে। টুৰ্ণামেণ্টৰ বাবে পাকিস্তান ভ্ৰমণ নকৰে টিম ইণ্ডিয়া। এই দুয়োখন ব’ৰ্ডৰ মাজত চলা অৰিয়া-অৰিৰ বাবেই এই সভাখন অনুষ্ঠিত কৰা হৈছিল।
কিন্তু শেহতীয়া প্ৰতিবেদন অনুসৰি বৈঠকত কোনো সমাধান বিচাৰি পোৱা নগ’ল। এতিয়া পুনৰ বৈঠক অনুষ্ঠিত হ’ব আৰু সেই বৈঠকতে সিদ্ধান্ত চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে।
উল্লেখ্য যে, এইবাৰ পাকিস্তানে লাভ কৰিছিল চেম্পিয়নছ ট্ৰফীৰ আয়োজনৰ স্বত্ব। কিন্তু ভাৰতে পাকিস্তানলৈ নাযাও বুলি স্পষ্ট কৰি দিয়াৰ পিছতেই এই প্ৰতিযোগিতাখন হাইব্ৰিড মডেলযোগে অনুষ্ঠিত হ’ব বুলি চৰ্চা লাভ কৰিছে। অৱশ্যে আই চি চিৰ বৈঠকতহে ইয়াৰ সিদ্ধান্ত লোৱা হ’ব। এই বৈঠক শনিবাৰলৈ পিছুৱাই দিছে আই চি চিয়ে।
যদি পাকিস্তান ক্ৰিকেট ব’ৰ্ডে হাইব্ৰিড মডেলত সন্মতি নিদিয়ে তেন্তে আইচিচিৰ হাতত মাত্ৰ কেইটামান বিকল্পহে থাকিব। এই প্ৰতিযোগিতাখন টিম ইণ্ডিয়া অবিহনে অনুষ্ঠিত হ’ব। কিন্তু এনে হোৱাটো প্ৰায় অসম্ভৱ। যদি ভাৰতীয় দলটো প্ৰতিযোগিতাখনৰ অংশ নহয় তেন্তে আইচিচিয়ে বৃহৎ আৰ্থিক লোকচানৰ সন্মুখীন হ’ব।
ইয়াৰ উপৰি আন এটা বিকল্প হ’ল প্ৰতিযোগিতাখন বাহিৰলৈ স্থানান্তৰ কৰা বা পাকিস্তান অবিহনে প্ৰতিযোগিতাখন খেলা।