আফ্ৰিকাৰ দেশ নামিবিয়াৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এগৰাকী মহিলাই ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হৈছে। ইয়াৰ পূৰ্বে দেশৰ উপ-ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা নেতুম্বো নন্দি-নদৈতৱাহক প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত কৰা হৈছে। তেওঁ আছিল SWAPO দলৰ।
ৰয়টাৰৰ প্ৰতিবেদন অনুসৰি, যোৱা মঙলবাৰে অৰ্থাৎ ৩ ডিচেম্বৰত চৰকাৰী ফলাফল দাখিল কৰা হৈছিল, য’ত SWAPO দলে ৫৭ শতাংশ বৈধ ভোট লাভ কৰিছিল।
১৯৯০ চনত নামিবিয়াই দক্ষিণ আফ্ৰিকাৰ পৰা স্বাধীনতা লাভ কৰে। সেই সময়ৰ পৰাই নন্দি-নদৈতৱাহে ৰাজনীতিত অহৰহ সক্ৰিয় হৈ আছে।এইবাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হোৱাৰ পিছত দলটোক বহুত শক্তিশালী স্থানলৈ লৈ গৈছে।
নিৰ্বাচনত পৰাজয়ৰ পিছত নদৈতৱাহৰ বিৰোধী দল আই পি চিয়ে নিৰ্বাচনী প্ৰক্ৰিয়াত ৰিগিঙৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ বেলট পেপাৰৰ নাটনি আৰু অন্যান্য কাৰিকৰী ত্ৰুটিৰ অভিযোগ উত্থাপন কৰে, যাৰ বাবে ভোটদান তিনিদিন বৃদ্ধি কৰিবলগীয়া হয়। এই সন্দৰ্ভত তেওঁ আদালতলৈ যোৱাৰ কথা কৈছে।
ৰয়টাৰৰ প্ৰতিবেদন অনুসৰি, ৭২ বছৰীয়া নন্দি-নদৈতৱাহ দীৰ্ঘদিন ধৰি ৰাজনীতিত সক্ৰিয় হৈ আছে। ১৯৬০ চনত তেওঁ শ্বাপো দলত যোগদান কৰে। ইয়াৰ পিছত তেওঁ বৈদেশিক মন্ত্ৰীকে ধৰি বহু জ্যেষ্ঠ ভূমিকা পালন কৰিছে।
এই সন্দৰ্ভত ৰাজনৈতিক বিশ্লেষক ৰাকেল আন্দ্ৰেয়াছে তেওঁক শ্বাপোৰ এজন গুৰুত্বপূৰ্ণ নেতা বুলি অভিহিত কৰে। তেওঁ কয় যে, স্বাধীনতাৰ পিছৰে পৰা নদৈতৱাহে ন-ন ৰূপত নেতৃত্ব দি আহিছে। দলৰ একাংশ সহকৰ্মীৰ দৰে নহয়, দুৰ্নীতিৰ অভিযোগত নন্দি-নদৈতৱাহৰ সুনাম কেতিয়াও ক্ষতিগ্ৰস্ত হোৱা নাই।