দিল্লী-হাৰিয়ানা শম্ভু সীমান্তত কৃষকৰ প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে। সীমান্তত অধিক নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে। কৃষকক বাধা দিবলৈ নিৰাপত্তাৰক্ষীৰ বৃহত দল মোতায়েন কৰা হৈছে।
লাভ কৰা খবৰ অনুসৰি, শক্তিশালীভাৱে বেৰিকেড নিৰ্মাণ কৰা হৈছে। ইয়াৰ সমান্তৰালকৈ কৃষকসকলক ৰোধ কৰিবলৈ পথত পোতা হৈছে লোহাৰ গজাল।
উল্লেখ্য যে, কৃষকসকলে সন্মুখীন হৈ অহা দীঘলীয়া সমস্যা সমাধানৰ লগতে আন বিভিন্ন দাবীক লৈ কৃষকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে।
কৃষক নেতা সৰৱান সিং পন্ধেৰে পুনৰ এবাৰ দিল্লী অভিমুখে পদযাত্ৰা কৰাৰ কথা ঘোষণা কৰিছে। কৃষক নেতাগৰাকীৰ মতে, অহা ৮ ডিচেম্বৰৰ দুপৰীয়া ১২ বজাত দিল্লী অভিমুখে ১০১ জনীয়া কৃষকৰ এটা দলে পদযাত্ৰা কৰিব।
কৃষকৰ দাবী সন্দৰ্ভত কোনো সুনিৰ্দিষ্ট পদক্ষেপ লোৱা হোৱা নাই বুলিও অভিযোগ উত্থাপন কৰিছে কৃষক নেতাগৰাকীয়ে। তেওঁ লগতে চৰকাৰী পক্ষৰ পৰা আলোচনাৰ বাবে কোনো ধৰণৰ প্ৰস্তাৱ অহা নাই বুলিও উল্লেখ কৰিছে।
আনহাতে, হাৰিয়ানা চৰকাৰে সম্প্ৰতি আম্বালা জিলাৰ ১১খন গাঁৱত মোবাইল ইণ্টাৰনেট আৰু একেলগে বহু লোকলৈ বাৰ্তা প্ৰেৰণৰ সুবিধা, ‘বাল্ক এছএমএছ সেৱা’ বন্ধ কৰি দিছে। ৯ ডিচেম্বৰলৈ এই নিষেধাজ্ঞা প্ৰযোজ্য হৈ থাকিব।