হিন্দুত্ব সন্দৰ্ভত পিডিপিৰ মুৰব্বী মেহবুবা মুফতীৰ কন্যা ইল্তিজা মুফতিয়ে পুনৰ সামাজিক মাধ্যমত কৰা আপত্তিজনক মন্তব্যক লৈ ৰাজনৈতিক মহলত তোলপাৰ লাগিছে।
ইল্তিজা মুফতিয়ে তেওঁৰ পোষ্টত লিখিছে, “ইছলামৰ নামত সংঘটিত হোৱা অৰ্থহীন হিংসাই প্ৰথমে ইছলামোফ’বিয়াৰ কাৰণ হৈ পৰিছিল। আজি হিন্দু ধৰ্মকো একেধৰণৰ পৰিস্থিতিতেই পোৱা গৈছে, য’ত সংখ্যালঘুসকলৰ বিৰুদ্ধে ইয়াক ব্যৱহাৰ আৰু অপব্যৱহাৰ কৰা হয়।”
ইয়াৰ পূৰ্বে ইল্তিজা মুফতিয়ে হিন্দুত্ববাদক এক বেমাৰ বুলি অভিহিত কৰিছিল, তাৰ পিছত ৰাজনীতি ইমানেই উত্তপ্ত হৈ পৰিছিল যে, বিজেপিৰ বিধায়ক টি ৰাজা সিঙে আনকি তেওঁক গ্ৰেপ্তাৰ কৰিবলৈও দাবী জনাইছিল।
শ্বিৰীন খান নামৰ এগৰাকীয়ে ছ’চিয়েল মিডিয়াত এটা পোষ্ট দিছিল, য’ত একাংশ ল’ৰাক মাৰপিট কৰি জয় শ্ৰী ৰামৰ শ্ল’গান দিবলৈ বাধ্য কৰা হৈছে। যাৰ বাবে ইল্তিজা মুফতিয়ে এই সন্দৰ্ভত এটা পোষ্ট কৰিছিল, যাৰ ওপৰত বিতৰ্কৰ সৃষ্টি হৈছে।
তেওঁ কৈছিল যে, প্ৰভু ৰামেও লাজতে মূৰ তল কৰিব যে তেওঁৰ নামত নাবালক মুছলমান শিশুক ব্যৱহাৰ কৰা হৈছে আৰু কেৱল ৰাম নাম ল’বলৈ অস্বীকাৰ কৰাৰ বাবে তেওঁলোকক আঘাত কৰা হৈছে। হিন্দুত্ব এক ৰোগ। যিয়ে লাখ লাখ ভাৰতীয়ক প্ৰভাৱিত কৰিছে।
অৱশ্যে পিছত তেওঁ নিজৰ বক্তব্য স্পষ্ট কৰি কয় যে শিশুকেইটাক মাৰপিট কৰা দেখি খং উঠিছিল। যাৰ বাবে এনেধৰণৰ মন্তব্য কৰিছে।