ভাৰতীয় ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া চমুকৈ আৰ বি আইৰ গভৰ্ণৰ শক্তিকান্ত দাসে আজি অৱসৰ গ্ৰহণ কৰিছে। নিজৰ কাৰ্যকাল এৰাৰ পূৰ্বে শক্তিকান্ত দাসে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত সকলোকে ধন্যবাদ জ্ঞাপন কৰি আৰ বি আইৰ গভৰ্ণৰ পদৰ পৰা পদত্যাগ কৰিব বুলি জনায়।
তেওঁ লিখিছে, আৰ বি আইৰ গভৰ্ণৰ হিচাপে দেশৰ সেৱা কৰিবলৈ মোক সুযোগ, পথ প্ৰদৰ্শন আৰু উৎসাহ দিয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি মই অতিশয় কৃতজ্ঞ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণকো তেওঁ বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে।
বাৰ্তাৰ শেষত দাসে কয়, ‘আৰ বি আইৰ প্ৰতিগৰাকী কৰ্মীক বহুত বহুত ধন্যবাদ। আমি একেলগে অভূতপূৰ্ব বিশ্বব্যাপী জোকাৰণিৰ এক অতি কঠিন সময়ছোৱাত সফলতাৰে আগবাঢ়িছো৷ এটা বিশ্বাসযোগ্য প্ৰতিষ্ঠান হিচাপে আৰ বি আই আৰু অধিক উচ্চ শিখৰত উপনীত হওক, এয়া মোৰ কামনা। আপোনালোক সকলোলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।’
উল্লেখ্য যে, আৰ বি আইৰ গভৰ্ণৰ পদৰ পৰা হঠাতে উৰ্জিত পেটেলে পদত্যাগ কৰাৰ পিছত ২০১৮ চনৰ ১২ ডিচেম্বৰত গভৰ্ণৰৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল শক্তিকান্ত দাসে। ৬ বছৰীয়া কাৰ্যকালত শক্তিকান্ত দাসে ভাৰতীয় অৰ্থনীতিৰ উত্থানত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।
শক্তিকান্ত দাসৰ পিছত আৰ বি আইৰ পৰৱৰ্তী গভৰ্ণৰ হিচাপে সঞ্জয় মালহোত্ৰাৰ নাম নিশ্চিত কৰিছে। মালহোত্ৰাই ২৬ সংখ্যক গভৰ্ণৰ হিচাপে বুধবাৰে দায়িত্ব গ্ৰহণ কৰিব।