মঙলবাৰে উত্তৰ প্ৰদেশৰ হাথৰছ আৰু ছিকন্দৰাৰাউৰ মাজত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত তিনিটি শিশুসহ কমেও ৬ জন লোকৰ মৃত্যু হয়। এখন ট্ৰাক আৰু ভেনৰ মাজত হোৱা ভয়ংকৰ সংঘৰ্ষৰ পিছতে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মৃতকৰ আত্মাৰ শান্তি বিচাৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।
ছিকন্দৰাৰাউৰ এগৰাকী শীৰ্ষ আৰক্ষী বিষয়া শ্যামবীৰ সিঙে এটা সংবাদ সংস্থাক কয় যে, এই ঘটনাটো হাথৰছ জংচনৰ অন্তৰ্গত জৈতপুৰ গাঁৱত সংঘটিত হৈছে। ট্ৰাক আৰু ভেনৰ মাজত হোৱা সংঘৰ্ষত ৬ জন লোকৰ মৃত্যু হয়।
মৃত লোকসকলৰ ভিতৰত তিনিটা শিশু থকা বুলি উল্লেখ কৰি তেওঁ লগতে কয়, ‘মৃত লোকসকলৰ পৰিচয় উদ্ধাৰৰ বাবে আত্মীয়ক ঘটনাস্থললৈ মাতি পঠিওৱা হৈছে।’
ইফালে এই ভয়ংকৰ ঘটনাৰ পিছতেই মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা কৰা এটা টুইটত কয়, ‘মুখ্যমন্ত্ৰীয়ে জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলক ঘটনাস্থললৈ ৰাওনা হ’বলৈ নিৰ্দেশ দিয়ে। ইয়াৰ উপৰি উদ্ধাৰ কাৰ্য ক্ষীপ্ৰতাৰে সম্পন্ন কৰি আহতসকলক তাৎক্ষণিকভাৱে চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ নিৰ্দেশ দিয়ে।’