বিজেপিক পৰাস্ত কৰাৰ স্বাৰ্থত একত্ৰিত হোৱা বিৰোধী শিৱিৰৰ পৰা একাষৰীয়া হ’ব নেকি কংগ্ৰেছ? ৰাহুল গান্ধীৰ নেতৃত্বক মানি ল’ব বিচৰা নাই নেকি আন সহযোগী দলসমূহে? শেহতীয়াকৈ এটাৰ পিছত আন এটা বিৰোধী ৰাজনৈতিক দলে ইণ্ডিয়া মিত্ৰজোঁটৰ নেতৃত্বক লৈ কৰি অহা মন্তব্যৰ বাবেই এই প্ৰশ্নৰ অৱতাৰণ হৈছে।
ৰাষ্ট্ৰীয় জনতা দল চমুকৈ আৰ জে ডি ইউ প্ৰধান লালু যাদৱে ইণ্ডিয়া মিত্ৰজোঁটৰ নেতৃত্বৰ বাবে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীৰ নাম প্ৰস্তাৱ কৰিছে।
মঙলবাৰে পাটনাত সংবাদ মাধ্যমক সম্বোধন কৰি লালু যাদৱে কয়, ‘পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক ইণ্ডিয়া মিত্ৰজোঁটৰ নেতা হিচাপে নিৰ্বাচিত কৰিব লাগে। কংগ্ৰেছে ইয়াৰ বিৰোধিতা কৰি লাভ নাই, মমতাকে নেতৃত্ব প্ৰদান কৰিব লাগে।’
লালু প্ৰসাদ যাদৱৰ পূৰ্বে তেওঁৰ পুত্ৰ তেজস্বী যাদৱেও বিৰোধী মিত্ৰজোঁটৰ নেতৃত্ব মমতা বেনাৰ্জীয়ে ল’ব লাগে বুলি একপ্ৰকাৰ সমৰ্থন আগবঢ়াইছিল।
উল্লেখ্য যে, শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা হাৰিয়ানা, মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচন আৰু কেইবাটাও সমষ্টিত হোৱা উপ-নিৰ্বাচনত বিৰোধী মিত্ৰজোঁটৰ শোচনীয় প্ৰদৰ্শনৰ পিছতেই সমালোচনাত মুখৰ হৈ পৰিছিল মমতা বেনাৰ্জী।
তেওঁ কৈছিল, ‘মই ইণ্ডিয়া মিত্ৰজোঁট বনাইছিলো। ইয়াক নেতৃত্ব প্ৰদান কৰাসকলে যদি ভালদৰে চলাব নোৱাৰে তেন্তে মোক দায়িত্ব দিয়ক। মই বংগৰ পৰাই নেতৃত্ব ল’বলৈ সাজু আছো।’
মমতা বেনাৰ্জীয়ে কৰা এই মন্তব্যৰ পিছৰে পৰা বিৰোধী মিত্ৰজোঁটৰ নেতৃত্ব সলনি হোৱাৰ দাবী উত্থাপন হৈছে।