আজি ৰাতিপুৱা গ্ৰেপ্তাৰ হোৱা দক্ষিণৰ জনপ্ৰিয় অভিনেতা আল্লু অৰ্জুনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। পুষ্পা ২ৰ প্ৰিমিয়াৰত সংঘটিত হোৱা এক অৱৰ্ণণীয় পৰিস্থিতিৰ ফলত এগৰাকী মহিলাৰ মৃত্যুৰ গোচৰত তেওঁক আজি গ্ৰেপ্তাৰ কৰিছিল।
হায়দৰাবাদ আৰক্ষীয়ে শুকুৰবাৰে অভিনেতাজনক ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে। চিকিৎসা পৰীক্ষাৰ অন্তত আৰক্ষীয়ে বিয়লি আদালতত আল্লু অৰ্জুনক হাজিৰ কৰে। য’ত আদালতে তেওঁক ১৪ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।
উল্লেখ্য যে পুষ্পা-২ৰ মুক্তিৰ এদিন পূৰ্বে অৰ্থাত ৪ ডিচেম্বৰত হায়দৰাবাদত অনুষ্ঠিত হৈছিল ছবিখনৰ প্ৰিমিয়াৰ। প্ৰিমিয়াৰ চলি থকা সন্ধ্যা ছবিগৃহৰ বাহিৰত অসংখ্য লোকৰ সমাগম হয় আৰু সেই সময়তে হোৱা ঠেলা-হেঁচাত এগৰাকী ৩৯ বছৰীয়া মহিলা অচেতন হৈ পৰে আৰু পিছত মৃত্যুমুখত পৰে।
এই ঘটনাত মৃত মহিলা দুগৰাকীৰ দুটা সন্তানো গুৰুতৰভাৱে আহত হৈছিল। এই কৰুণ ঘটনাৰ পিছতে মৃত মহিলাগৰাকীৰ পৰিয়ালে আল্লু অৰ্জুনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল।
এই অভিযোগৰ ভিত্তিত হায়দৰাবাদৰ চিক্কাডপল্লী থানাত আই পি চিৰ ১০৫ আৰু ১১৮ (১) ধাৰাত এটা গোচৰ ৰুজু কৰা হয়। আৰু গোচৰৰ ভিত্তিত আজি অভিনেতাজনক তেওঁৰ নিজ বাসগৃহৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।











