অৱশেষত অন্ত পৰিল জল্পনা-কল্পনাৰ। ২০২৫ বৰ্ষৰ চেম্পিয়নছ ট্ৰফী হাইব্ৰিড মডেলত অনুষ্ঠিত কৰাৰ অনুমোদন জনালে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে। পাকিস্তান ক্ৰিকেট ব’ৰ্ড আৰু বিচিচিআইয়ে সহমতত উপনীত হোৱাৰ পিছতেই এই সিদ্ধান্তত অনুমোদন জনোৱা হয়।
আই চি চিৰ নতুন সিদ্ধান্ত অনুসৰি, প্ৰতিযোগিতাখনত ভাৰতে প্ৰতিখন মেচ ডুবাইত খেলিব। আনহাতে প্ৰতিযোগিতাৰ বাকী মেচসমূহ পাকিস্তানত অনুষ্ঠিত হ’ব।
ইফালে ২০২৬ত ভাৰতত অনুষ্ঠিত হ’বলগীয়া টি-২০ প্ৰতিযোগিতাত অংশ ল’বলৈ ভাৰতলৈ নাহে পাকিস্তান। পাকিস্তানে প্ৰতিখন মেচ শ্ৰীলংকাৰ কলম্বোত খেলিব। এই চৰ্ততে চেম্পিয়নছ ট্ৰফীৰ বাবে হাইব্ৰিড মডেলত সন্মত হয় পাকিস্তান।
স্পোৰ্টছ টকৰ খবৰ অনুসৰি, ইয়াৰ বাবে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে কোনো ধৰণৰ বিত্তীয় সহায় লাভ নকৰে।
উল্লেখ্য যে, চেম্পিয়নছ ট্ৰফী খেলিবলৈ ভাৰত চৰকাৰে ভাৰতীয় দলক পাকিস্তান ভ্ৰমণলৈ যোৱাৰ অনুমতি প্ৰদান নকৰাৰ পিছতেই এই প্ৰতিযোগিতাখনক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছিল। ভাৰতে হাইব্ৰিড মডেলৰ জৰিয়তে প্ৰতিযোগিতাখন আয়োজনৰ দাবী উত্থাপন কৰাৰ বিপৰীতে পাকিস্তানে কোনো পধ্যেই ইয়াৰ পক্ষত নাছিল।
অৱশ্যে বিশ্ব ক্ৰিকেটত থকা ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ প্ৰভাৱৰ বাবেই অৱশেষত পাকিস্তানে সেও মানি হাইব্ৰিড মডেলত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আই চি চিয়ে।