অস্কাৰৰ দৌৰৰ পৰা বাহিৰ হ’ল কিৰণ ৰাও পৰিচালিত ছবি লাপতা লেডিজ। এই খবৰ পাই তেওঁৰ অনুৰাগীসকল নিশ্চিতভাৱে হতাশ হৈ পৰিছে। এই সন্দৰ্ভত আমিৰ খান প্ৰডাকচনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
আমিৰ খান প্ৰডাকচনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, লাপতা লেডিজে এইবাৰ একাডেমী বঁটাৰ চৰ্টলিষ্টত স্থান লাভ কৰিব নোৱাৰিলে। যাৰ বাবে তেওঁলোকে নিশ্চিতভাৱে হতাশ হৈ পৰিছে। কিন্তু একে সময়তে এই যাত্ৰাত তেওঁলোকে অপৰিসীম সমৰ্থন আৰু আত্মবিশ্বাস লাভ কৰা বুলি জনাইছে। তাৰ বাবে তেওঁ চিৰ অত্যন্ত কৃতজ্ঞ।
ইয়াৰ উপৰিও কয় যে, এই সন্মানীয় প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত হোৱাটো তেওঁলোকৰ বাবে গৌৰৱৰ বিষয়, য’ত এই ছবিখনে সমগ্ৰ বিশ্বৰ শ্ৰেষ্ঠ ছবিৰ সৈতে স্থান লাভ কৰিছিল। সেই সকলো অনুৰাগীলৈ তেওঁ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।
উল্লেখ্য যে, এই ছবিখন প্ৰযোজনা কৰিছে আমিৰ খানে। এই ছবিখনত ৰবি কিষাণক পৰিদৰ্শকৰ চৰিত্ৰত দেখা গৈছে। এই ছবিখনত প্ৰতিভা ৰন্ত, নিতংশী গোৱাল, স্পৰ্শ শ্ৰীবাস্তৱ, ছয়া কদম আদি অভিনেতা আছে। ছবিখনৰ কাহিনীত আছে দুগৰাকী বিবাহিত মহিলাক হেৰুৱাই পেলোৱাৰ কাহিনী।