বিৰাট কোহলী এতিয়া টীম ইণ্ডিয়াৰ সৈতে অষ্ট্ৰেলিয়া ভ্ৰমণত ব্যস্ত। তেওঁৰ সৈতে থাকে পত্নী অনুষ্কা শৰ্মা। ইফালে বিৰাট কোহলীক লৈ প্ৰকাশ কৰিছে এক ডাঙৰ খবৰ।
প্ৰকাশিত তথ্য অনুসৰি, বিৰাট কোহলীয়ে অনুষ্কা শৰ্মাৰ সন্মুখত কান্দোনত ভাঙি পৰে। এই কথা প্ৰকাশ কৰিছে বলীউডৰ অভিনেতা বৰুণ ধাৱনে। অনুষ্কাৰ ঘনিষ্ঠ বন্ধুৰ ভিতৰত বৰুণ ধাৱনক গণ্য কৰা হয়। এনে পৰিস্থিতিত অনুষ্কাই বৰুণ ধাৱনৰ লগত বিৰাটৰ কথাবোৰ শ্বেয়াৰ কৰিছিল।
বিখ্যাত ইউটিউব শ্ব’ এটিত বৰুণ ধাৱনে উল্লেখ কৰা ঘটনাটোৰ লগত বৰ্তমান অষ্ট্ৰেলিয়া ভ্ৰমণৰ কোনো সম্পৰ্ক নাই। বৰুণে বৰ্ণনা কৰা কাহিনীটো হৈছে ইংলেণ্ডত খেলা নটিংহাম টেষ্টৰ। য’ত পৰাস্ত হৈছিল ভাৰত। সেই সময়ত বিৰাট কোহলী টীম ইণ্ডিয়াৰ অধিনায়ক আছিল। বলীউডৰ অভিনেতাগৰাকীয়ে কয় যে, সেই সময়ত বিৰাটৰ ফৰ্ম ভালদৰে চলি থকা নাছিল। অনুষ্কাই বৰুণৰ সন্মুখত নিজৰ মানসিকতাৰ কথা উল্লেখ কৰিছিল।
বৰুণ ধাৱনে যিখিনি শ্বেয়াৰ কৰিছিল সেয়া আছিল বিৰাট কোহলীৰ ক্ৰিকেটৰ অন্যতম বেয়া সময়। বিৰাট কোহলী তেতিয়া দলৰ অধিনায়ক আছিল।
অৱশ্যে চলিত ভ্ৰমণত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলা প্ৰথম ৩ খন টেষ্টত শতক অৰ্জন কৰিছে বিৰাট কোহলিয়ে।