২০২৪ চনৰ চৈয়দ মুস্তাক আলী ট্ৰফীত পঞ্জাৱৰ অধিনায়কত্ব কৰিছিল অভিষেক শৰ্মাই। তেওঁৰ অধিনায়কত্বত পঞ্জাৱ দলটোৱে নকআউট পৰ্যায়ত প্ৰৱেশ কৰিব নোৱাৰিলে। ইয়াৰ পিছতো পঞ্জাৱ ক্ৰিকেট সন্থাই বিজয় হাজাৰে ট্ৰফী ২০২৪ৰ বাবে অভিষেকৰ ওপৰত আস্থা প্ৰকাশ কৰিছে।
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতক প্ৰতিনিধিত্ব কৰা অভিষেকে ২০২৪ চনৰ চৈয়দ মুস্তাক আলী ট্ৰফীত পঞ্জাৱৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছিল। তেওঁ ৭খন মেচত ২৫৫ ৰান সংগ্ৰহ কৰিছিল।
অভিষেক শৰ্মাক এইবাৰ বিজয় হাজাৰে ট্ৰফীত অভিজ্ঞ তাৰকাৰে সমৃদ্ধ পঞ্জাৱ দলৰ অধিনায়ক হিচাপে দেখা যাব। প্ৰভসিমৰন সিং, মায়ংক মাৰ্কাণ্ডে, ৰমনদীপ সিং আৰু নেহল ৱাধেৰাৰ দৰে বিখ্যাত তাৰকা পঞ্জাৱ দলৰ অংশ হ’ব।
উল্লেখ্য যে বিজয় হাজাৰে ট্ৰফী ৫০ অভাৰৰ ফৰ্মেটত খেলা হ’ব আৰু এই প্ৰতিযোগিতা ২১ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব আৰু ১৮ জানুৱাৰীলৈকে চলিব। দলটোৰ আটাইতকৈ ডাঙৰ তাৰকা হিচাপে পৰিগণিত হ’ব ভাৰতৰ হৈ যোৱা দুখন টি-২০ বিশ্বকাপ প্ৰতিযোগিতাত সৰ্বাধিক উইকেট দখল কৰা অৰ্শদীপ সিঙ।
অভিজ্ঞ অৰ্শদ্বীপৰ সলনি পঞ্জাৱ দলে অভিষেক শর্মাক অধিনায়কত্ব প্ৰদান কৰাটো এটা চাঞ্চল্যকৰ সিদ্ধান্ত বুলি বিবেচিত হৈছে৷
উল্লেখ্য যে, ২০১৪-২০১৫ বৰ্ষৰ ছিজনৰ পিছত বিজয় হাজাৰে ট্ৰফীৰ ফাইনেলত কেতিয়াও প্ৰৱেশ কৰিব পৰা নাই পঞ্জাৱ দল। যোৱা ছিজনত পঞ্জাবে গ্ৰুপ ইৰ পঞ্চম স্থানতে সন্তুষ্ট হ’বলগীয়া হৈছিল।
বিজয় হাজাৰে ট্ৰফী ২০২৪ৰ বাবে পঞ্জাৱ দল : অভিষেক শৰ্মা, আনমোলপ্ৰীত সিং, নমন ধীৰ, প্ৰভসিমৰন সিং, ৰমনদীপ সিং, নেহাল ৱাধেৰা, সনবীৰ সিং, অৰ্শদীপ সিং, বলতেজ সিং, গুৰনুন ব্ৰাৰ, হৰপ্ৰীত ব্ৰাৰ, মায়ংক মাৰ্কণ্ডে, অশ্বনী কুমাৰ, সোহৰাব ধালীৱাল, প্ৰেৰিত দত্ত, জস্কৰণবীৰ সিং, যশিন্দৰ সিং, কুঁৱৰ কুক্ৰেজা, আনমোল মালহোত্ৰা, পুখৰাজ মান, সাহিল খান, ৰঘু ঘিৱম শৰ্মা।