আম্বেদকাৰ সন্দৰ্ভত গৃহমন্ত্ৰীয়ে কৰা বক্তব্যৰ বিৰোধিতাৰে আজি দেশজুৰি কংগ্ৰেছৰ আম্বেদকাৰ সন্মান যাত্ৰা। গুৱাহাটীতো গৌৰৱ গগৈৰ নেতৃত্বত এই যাত্ৰা অসম প্ৰদেশ কংগ্ৰেছৰ।মঙলবাৰে অৰ্থাৎ আজি ৰাজস্থান প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশ অনুযায়ী দেশজুৰি আজি কংগ্ৰছে আয়োজন কৰিছে আম্বেদকাৰ সন্মান যাত্ৰা।
কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে ড০ ভিমৰাও আম্বদকাৰক অপমানসূচক মন্তব্য কৰাৰ অভিযোগ কংগ্ৰেছৰ। গৃহমন্ত্ৰীয়ে আম্বেদকাৰক কংগ্ৰেছৰ ফেশ্বন বুলি কোৱা বক্তব্যৰ বিৰোধিতাৰে কংগ্ৰেছে আৰম্ভ কৰিছে এই যাত্ৰা।
দিনৰ ১১ বজাৰ পৰা আৰম্ভ হৈছে কংগ্ৰেছৰ এই সন্মান যাত্ৰা। গুৱাহাটীত গৌৰৱ গগৈৰ নেতৃত্বত আম্বেদকাৰ যাত্ৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ।মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰা কংগ্ৰেছে আৰম্ভ কৰিছে এই সন্মান যাত্ৰা। কংগ্ৰেছৰ যাত্ৰাক প্ৰতিহত কৰাৰ বাবে সাজু হৈছে অসম আৰক্ষী-প্ৰশাসন।নিশ্ছিদ্ৰ নিৰাপত্তা বেহুত পৰিণত হৈছে দিছপুৰ।