মঙলবাৰে জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত এখন সেনাৰ বাহন দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাটোত ৫ জন জোৱানৰ মৃত্যু হোৱাৰ বিপৰীতে ১০ৰো অধিক জোৱান আহত হোৱা বুলি জানিব পৰা গৈছে। সেনাৰ তৰফৰ পৰা এই কথা নিশ্চিত কৰিছে।
বাহনখনে ভুল পথেৰে যোৱা বাবেই দুৰ্ঘটনাত পতিত হোৱা বুলি জানিব পৰা গৈছে। জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ মেনঢৰৰ বলনোই অঞ্চলত এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ খবৰ লাভ কৰা গৈছে।
বাহনখনত বহু কেইগৰাকী জোৱান আছিল যদিও এতিয়ালৈ সঠিক সংখ্যা জানিব পৰা হোৱা নাই। এই দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতেই ঘটনাস্থললৈ উদ্ধাৰকাৰী দল ৰাওনা হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।
শেহতীয়াকৈ লাভ কৰা খবৰ অনুসৰি, সেনাৰ বাহনখনে পথৰ পৰা প্ৰায় ৩০০ ফুট তলত পৰি যায়। বাহনখনে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলতেই দুৰ্ঘটনাত পতিত হোৱা বুলি জানিব পৰা গৈছে।
জোৱানসকলে বাহনখনৰ জৰিয়তে নিজৰ ছাউনিলৈ গৈ থকা অৱস্থাতে দুৰ্ঘটনাত পতিত হয়।