আজিৰ পৰা মেলবৰ্ণত আৰম্ভ হৈছে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ চতুৰ্থখন মেচ। এই মেচখনত কোহলীয়ে কৰা এক আচৰণৰ বাবে তেওঁ সংবাদ মাধ্যমৰ লগতে ক্ৰিকেট বিশেষজ্ঞসকলৰ যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছে।
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটা ১৯ বছৰীয়া অষ্ট্ৰেলিয়াৰ বেটাৰ ছেম কনষ্টাছক ইচ্ছাকৃতভাৱে খুন্দা মাৰি সমালোচনাৰ সন্মুখীন হৈছে বিৰাট কোহলী।
কোহলীৰ এই আচৰণৰ বাবে তেওঁ শাস্তিৰো সন্মুখীন হৈছে। এই অনাকাংক্ষিত ব্যৱহাৰৰ বাবে মেচ ৰেফাৰীয়ে কোহলীক দোষী সাব্যস্ত কৰি মেচ মাচুলৰ ২০ শতাংশ আৰু লেভেল ১ৰ দোষী সাব্যস্ত কৰিছে। এই অনুসৰি কোহলীক এটা ডিমেৰিট পইণ্ট দিয়া হৈছে।
উল্লেখ্য যে, নৱাগত বেটাৰ ছেম কনষ্টাছে অভাৰৰ সমাপ্তিৰ পিছত উইকেটৰ আনটো মূৰলৈ গৈ থকা সময়ত কোহলীয়ে তেওঁক ইচ্ছাকৃতভাৱে কান্ধত খুন্দা মাৰে। সম্প্ৰতি এই এই দৃশ্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু বহুতো বৰ্তমানৰ আৰু প্ৰাক্তন ক্ৰিকেটাৰে তেওঁক সমালোচনাৰে থকা সৰকা কৰিছে।
ইফালে প্ৰথম দিনৰ খেল অন্ত পৰাৰ পিছত কোহলীয়ে মেচ ৰেফাৰী এণ্ডি প্ৰাইক্ৰফ্টৰ সন্মুখত হাজিৰ হোৱাত কোহলীয়ে ইচ্ছাকৃতভাৱে এই ঘটনা সংঘটিত কৰা বুলি স্বীকাৰ কৰে। এই স্বীকাৰোক্তিৰ ভিতৰতে মেচ ৰেফাৰীয়ে কোহলীক শাস্তি প্ৰদান কৰে।
আনহাতে ঘটনা সন্দৰ্ভত ছেম কনষ্টাছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘মই গ্লোভছ ঠিক কৰি আছিলো আৰু সেই সময়ত কোহলীয়ে হঠাতে ভুলবশতঃভাৱে মোক খুন্দা মাৰে। এনেধৰণৰ উত্তেজনাপূৰ্ণ মেচত এই ধৰণৰ ঘটনা ঘটাটো সৰু কথা’।