ফল-মূল সেৱন কৰাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি বিবেচিত হয়। সেইবাবেই বিশেষজ্ঞসকলেও খাদ্য তালিকাত ফল-মূল অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ দিয়ে।
আজি আমি জানিম অমিতাৰ উপকাৰীতাৰ বিষয়ে।ইয়াত পোৱা উপাদানসমূহ স্বাস্থ্যৰ বাবে অতি উপকাৰী। অমিতা হৈছে এনে এবিধ ফল, যিটো স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। প্ৰতিদিনে এই ফল গ্ৰহণ কৰিলে বহু ৰোগৰ পৰা নিজকে ৰক্ষা কৰিব পাৰি।
ভিটামিন চি, ফ’লেট, ভিটামিন এ, মেগনেছিয়াম, আঁহ আৰু এন্টিঅক্সিডেন্ট আদি পোষক পদাৰ্থ অমিতাত পোৱা যায়।
জানো আঁহক অমিতাই কেনেধৰণে আমাৰ উপকাৰ কৰে-
১. হজম প্ৰক্ৰিয়া
যিসকল লোক হজম শক্তিৰ সমস্যাত ভোগে তেনেলোকে নিশ্চয়কৈ খাদ্যতালিকাত অমিতা অন্তৰ্ভূক্ত কৰিব লাগে। ইয়াত পেপেইন নামৰ এনজাইম থাকে, যিয়ে পাচনতন্ত্ৰক ভালদৰে পৰিচালনা কৰাত সহায় কৰিব পাৰে।
২. ওজন হ্ৰাস
ওজন হ্ৰাস কৰিবলৈ চেষ্টা কৰা সকলৰ বাবেও অমিতা উপকাৰী। আচলতে ইয়াত কেলৰি কম আৰু আঁহ বেছি থাকে, যিয়ে ওজন কমোৱাত সহায় কৰিব পাৰে।
৩. ছাল
অমিতাত এন্টিঅক্সিডেন্ট, ভিটামিন চি আৰু ভিটামিন ই পোৱা যায়, যিয়ে ছালখনক উজ্জ্বল আৰু সুস্থ কৰি ৰখাত সহায় কৰে।
৪. ৰোগ প্ৰতিৰোধ ক্ষমতা
অমিতাত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে।
৫. ডায়েবেটিছ
অমিতাত কম পৰিমাণৰ চেনি আৰু অধিক পৰিমাণৰ আঁহ থাকে, যি ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী।