মেলব’ৰ্নত ভাৰত অষ্ট্ৰেলিয়াৰ মাজত চলি থকা ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ চতুৰ্থখন টেষ্টত এক ঐতিহাসিক কৃতিত্ব অৰ্জন কৰিছে নীতিশ ৰেড্ডীয়ে। মেচখনৰ তৃতীয় দিনা আঠ নম্বৰত বেটিং কৰিবলৈ অহা নীতিশ ৰেড্ডীয়ে শতক অৰ্জন কৰি বিশেষ অভিলেখ গঢ়িবলৈ সক্ষম হয়।
আঠ নম্বৰত বেটিং কৰিবলৈ আহি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াত শতক তথা সৰ্বাধিক ৰানৰ ইনিংছ খেলা প্ৰথমগৰাকী ক্ৰিকেটাৰ নীতিশ ৰেড্ডী। ইয়াৰ পূৰ্বে এই অভিলেখ আছিল অনিল কুম্বলেৰ নামত। কুম্বলেই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৮৭ ৰানৰ ইনিংছ খেলিছিল।
নীতিশ ৰেড্ডীয়ে ১৭১টা বলত ১০টা চাৰি আৰু এটা ছয়ৰ সহায়ত নিজৰ শতক সম্পূৰ্ণ কৰে।
ইফালে চলিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত ভাৰতৰ হৈ শতক অৰ্জন কৰা নীতিশ ৰেড্ডী তৃতীয়গৰাকী ক্ৰিকেটাৰ। ইয়াৰ পূৰ্বে যশস্বী জয়ছোৱাল আৰু বিৰাট কোহলীয়ে চলিত শৃংখলাত ভাৰতৰ হৈ শতক অৰ্জন কৰিছে।
উল্লেখ্য যে, মেচখনৰ তৃতীয় দিনা ভাৰতে ২২১ ৰানত সপ্তমটো উইকেট হেৰুওৱাৰ পিছত ক্ৰিজত প্ৰৱেশ কৰিছিল নীতিশ ৰেড্ডীয়ে। অষ্ট্ৰেলিয়াৰ বিশাল স্ক’ৰৰ বিপৰীতে ভাৰতে মাত্ৰ ২২১ ৰানতে সপ্তমটো উইকেট হেৰুৱাই সংকটত পৰিছিল। কিন্তু নীতিশ আৰু ৱাশ্বিংটন সুন্দৰৰ সাহসী আৰু ধৈৰ্যশীল বেটিঙৰ বাবে কিছু সন্মানজনক স্থিতিত উপনীত হয় ভাৰত।
দুয়োজনে অষ্টম উইকেটৰ যুটীত ১২৭ ৰানৰ অৰহিনা আগবঢ়ায়। অষ্টমটো উইকেট পতনৰ সময়ত ভাৰতে সংগ্ৰহ কৰিছিল ৩৪৮ ৰান। তৃতীয় দিনাৰ খেল অন্ত পৰাৰ সময়ত ভাৰতে ৯ উইকেটৰ বিনিময়ত ৩৫৮ ৰান সংগ্ৰহ কৰিছে। নীতিশ কুমাৰ ৰেড্ডীয়ে ১০৫ ৰান আৰু মহম্মদ ছিৰাজে ২ ৰানত অপৰাজিত হৈ থাকে। সম্প্ৰতি অষ্ট্ৰেলিয়াতকৈ ১১৬ ৰানত পিছ পৰি আছে ভাৰত। অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত সংগ্ৰহ কৰিছিল ৪৭৪ ৰান।