এতিয়াৰে পৰা দুচকীয়া বাহন চলোৱা গৰাকীৰ নথি-পত্ৰ নহ’লেও চিন্তাৰ কোনো কাৰণ নাই। নথি-পত্ৰ অবিহনে বাইক চলালেও দিব নালাগে কোনো জৰিমনা।
আজি নলবাৰীত অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। দুচকীয়া বাহনৰ গৰাকী তথা আৰোহীয়ে হেলমেট নিপিন্ধিলেহে জৰিমনা বিহা হ’ব বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই।
কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰা সংবাদ মেলত এই কথা ঘোষণা কৰে। অৱশ্যে সুৰাপান কৰি বাইক চলালে আৰক্ষীয়ে জৰিমনা বিহিব।
মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘এতিয়াৰে পৰা বাইক আৰোহীয়ে হেলমেট নিপিন্ধিলে হে ভৰিব লাগিব জৰিমনা। নথি-পত্ৰ সম্পূৰ্ণ নাথাকিলেও ভৰিব নালাগে জৰিমনা। আইনৰ আওতালৈ আহিব নথি-পত্ৰ সম্পৰ্ণ নথকা ব্যক্তি।‘
ইফালে তিনিচকীয়া বাহনৰ ক্ষেত্ৰতো কেতবোৰ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই। যিকোনো তিনিচকীয়া বাহনে একেৰাহে তিনিবাৰলৈ নিয়ম ভংগ কৰিলে দিব নালাগিব জৰিমনা। প্ৰথম তিনিবাৰ তেওঁলোকক সকীয়নী দিয়া হ’ব। কিন্তু চতুৰ্থবাৰ নিয়ম ভংগ কৰিলে জৰিমনা ল’ব পাৰিব।
কেবিনেট বৈঠকত লোৱা এই সিদ্ধান্তবোৰ সন্দৰ্ভত পৰিবহন বিভাগক ১৫ দিনৰ ভিতৰত SOP তৈয়াৰ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে জনায়।
এই নতুন ঘোষণা সন্দৰ্ভত স্থিতি স্পষ্ট কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে বিগত ২-৩ বছৰত এনেধৰণৰ ফাইনৰ পৰা চৰকাৰে ৬-৭ কোটি টকাও লাভ কৰা নাই। সেয়ে আমি এই সিদ্ধান্ত গ্ৰহণ কৰিছো।