শ্ৰীলংকাৰ স্পিনাৰ মহীশ থীক্সানাই ৰচিলে ইতিহাস। নিউজিলেণ্ডৰ ভূমিত হেটট্ৰিক অৰ্জন কৰা প্ৰথমগৰাকী শ্ৰীলংকান বলাৰত পৰিণত হয় থীক্সানা। ইয়াৰ লগে লগে তেওঁ এদিনীয়া ক্ৰিকেটত শ্ৰীলংকাৰ হৈ হেটট্ৰিক অৰ্জন কৰা তেওঁ সপ্তমগৰাকী বলাৰ।
থীক্সানাৰ পূৰ্বে চামিন্দা ভাছ, লাছিথ মালিংগা, দিলচান মদুশংকা, থিছাৰা পেৰেৰা, পাৰভেজ মহাৰুফ আৰু ৱানিন্দু হাছৰাংগাই এদিনীয়াত হেটট্ৰিক অৰ্জন কৰিছিল।
উল্লেখ্য যে নিউজিলেণ্ডৰ বিৰুদ্ধে চলি থকা এদিনীয়া শৃংখলাৰ দ্বিতীয়খন মেচৰ ৩৫ নম্বৰ অভাৰত বলিং কৰিবলৈ অহা থীক্সানাই পঞ্চমটো বলত বিপক্ষৰ অধিনায়ক ছাণ্টনাৰক আউট কৰে। ইয়াৰ পিছত অভাৰৰ অন্তিমটো বলত তেওঁৰ চিকাৰ হয় নাথন স্মিথ।
এই দুটা ডাঙৰ সফলতাৰ পিছত তেওঁ তৃতীয়টো উইকেট লাভ কৰে ৩৭ নং অভাৰত। ৩৭ নম্বৰ অভাৰৰ প্ৰথমটো বলতে মেট হেনৰীয়ে ডাঙৰ শ্বট খেলিবলৈ গৈ আউট হয়। হেনৰীৰ উইকেটটো দখলৰ লগে লগে তেওঁৰ সম্পূৰ্ণ হয় হেটট্ৰিক।
উল্লেখ্য যে, শ্ৰীলংকাৰ হৈ এদিনীয়া ক্ৰিকেটত সৰ্বাধিকবাৰ হেটট্ৰিক অৰ্জনৰ অভিলেখ আছে লাছিথ মালিংগাৰ নামত। মালিংগাই তিনিবাৰ হেটট্ৰিক অৰ্জন কৰাৰ বিপৰীতে চামিন্দা ভাছে লাভ কৰিছিল দুবাৰ। এই দুজন মহান বলাৰৰ উপৰি দিলচান মদুশংকা, থিছাৰা পেৰেৰা, পাৰভেজ মহাৰুফ আৰু ৱানিন্দু হাছৰাংগাৰ পিছত মহীশ থীক্সানাই এবাৰকৈ লাভ কৰে হেটট্ৰিক।
থীক্সানাই হেটট্ৰিক অৰ্জন কৰিলেও এই মেচখনত পৰাজয় ৰোধ কৰাত ব্যৰ্থ হয় শ্ৰীলংকা। বৰ্ষাবিঘ্নিত মেচখনত নিউজিলেণ্ড দলে শ্ৰীলংকাক ১১৩ ৰানত পৰাস্ত কৰে। টছত পৰাস্ত হৈ প্ৰথমে বেটিং কৰা নিউজিলেণ্ড দলে নিৰ্ধাৰিত ৩৭ অভাৰত ৯ উইকেট হেৰুৱাই ২৫৫ ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত শ্ৰীলংকা দলে মাত্ৰ ১৪২ ৰানতে আটাইকেইটা উইকেট হেৰুৱায়।