বলীউডৰ অভিনেতা ছৈফ আলী খানৰ সৈতে ভয়ংকৰ ঘটনা। বুধবাৰে মাজনিশা মুম্বাইৰ বান্দ্ৰাত তেওঁৰ ঘৰ ভাঙি চোকা অস্ত্ৰৰে আক্ৰমণ কৰে চোৰে। নিশা প্ৰায় ২ বজাত ছৈফ আলী খানক আক্ৰমণ কৰে। য’ত তেওঁ গুৰুতৰভাৱে আহত হয়।
ততাতৈয়াকৈ তেওঁক লীলাৱতী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। এই সন্দৰ্ভত বান্দ্ৰা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আশ্চৰ্যজনক কথাটো হ’ল চোৰটোৱে ছৈফক আক্ৰমণ কৰি তাৰ পৰা পলাই যায়।
আৰক্ষীয়ে বৰ্তমালেও চিচিটিভি স্কেন কৰি আক্ৰমণকাৰীৰ সন্ধান আৰম্ভ কৰিছে। প্ৰশ্ন উত্থাপন হৈছে যে, কটকটীয়া নিৰাপত্তাৰ মাজত কেনেকৈ আক্ৰমণকাৰীয়ে ছৈফ আলী খানৰ ঘৰত প্ৰৱেশ কৰিলে।
এই ঘটনাক নিৰাপত্তাৰ ক্ষেত্ৰত এক ডাঙৰ বিষয় বুলি গণ্য কৰা হৈছে। ছৈফ আলী খানৰ পত্নী কৰীনাই ভগ্নী কৰিশ্মা আৰু বন্ধু সোণম কাপুৰ আৰু ভগ্নী ৰিয়া কাপুৰৰ সৈতে পাৰ্টি কৰি আছিল। ছৈফক আক্ৰমণৰ সময়ত ঘৰটোত কৰীনা উপস্থিত আছিল নে নাছিল সেয়া জানিব পৰা হোৱা নাই।
তথ্য অনুসৰি তেওঁৰ মেৰুদণ্ড আৰু বুকুৰ আশে-পাশে আক্ৰমণ সংঘটিত হয়। এই কাজিয়াৰ সময়ত তেওঁ প্ৰায় ছয় ঠাইত আঘাতপ্ৰাপ্ত হয়। ইয়াৰ পিছতে তেওঁক লীলাৱতী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ছৈফৰ ওপৰত কিয় এই আক্ৰমণ সংঘটিত হ’ল এই সন্দৰ্ভত মুম্বাই আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীয়ে এই গোচৰত এফআইআৰ দাখিল কৰিছে আৰু আক্ৰমণকাৰীৰ সন্ধান অব্যাহত ৰাখিছে।
এই ঘটনা সংঘটিত হোৱা বান্দ্ৰা অঞ্চলত বহুকেইটা চিচিটিভি কেমেৰা আছে। ছৈফ আলী খানৰ ঘৰতো কেমেৰা লগোৱা আছে। এনে পৰিস্থিতিত সকলোৰে চকু আৰক্ষীৰ তদন্তত নিৱদ্ধ হৈ আছে।নিশা ২ বজাত অজ্ঞাত আক্ৰমণকাৰীয়ে কিয় ঘৰত প্ৰৱেশ কৰিছে সেয়াও জানিবলৈ চেষ্টা চলাইছে আৰক্ষীয়ে। ঘটনাৰ সময়ত ঘৰটোত কোন কোন আছিল সেই সন্দৰ্ভত এতিয়াও কোনো তথ্য পোহৰলৈ অহা নাই।