ৰাছিয়া সেনাৰ হৈ ইউক্ৰেইনৰ বিৰুদ্ধে যুঁজ দিয়া ১২ গৰাকী ভাৰতীয়ৰ মৃত্যু হোৱাৰ বিপৰীতে ১৬ জন এতিয়াও নিৰুদ্দেশ হৈ আছে। শুকুৰবাৰে এই তথ্য প্ৰকাশ কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে।
মন্ত্ৰালয়ে জনোৱা মতে, ৰাছিয়াৰ সেনাবাহিনীত কৰ্মৰত ভাৰতীয় নাগৰিকক উভতাই পঠিয়াবলৈ অনুৰোধ জনোৱা হৈছে। লগতে কয় যে এই পৰ্যন্ত ৰাছিয়াৰ সেনাবাহিনীত কৰ্মৰত ১২ জন ভাৰতীয়ৰ মৃত্যু হৈছে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয়, ‘১২৬ গৰাকী (ৰাছিয়াৰ সামৰিক বাহিনীত কাম কৰা ভাৰতীয় নাগৰিকৰ) খবৰ পোৱা গৈছে। এই ১২৬ জনৰ ভিতৰত ৯৬ জন লোক ভাৰতলৈ উভতি আহিছে আৰু ৰাছিয়াৰ সশস্ত্ৰ বাহিনীৰ পৰা মুকলি কৰি দিয়া হৈছে।’
তেওঁ লগতে কয়, ‘ৰাছিয়াৰ সেনা বাহিনীত এতিয়াও আছে ১৮ গৰাকী ভাৰতীয় নাগৰিক, ইয়াৰে ১৬জনৰ কোনো খা-খবৰ নাই।’
জয়ছৱালে কয়, ‘ৰাছিয়াই এইসকল লোকক নিৰুদ্দেশৰ তালিকাত ৰাখিছে। এতিয়াও যিসকল সেনাত কৰ্মৰত হৈ আছে তেওঁলোকক শীঘ্ৰে মুক্ত কৰি পুনৰ ভাৰতলৈ উভতাই পঠিযাবলৈ দাবী জনোৱা হ’ল।’