টেষ্ট, এদিনীয়াৰ পিছত এইবাৰ আই চি চিয়ে ঘোষণা কৰিলে ২০২৪ বৰ্ষৰ শ্ৰেষ্ঠ পুৰুষ টি-২০ দল। ২০২৪ বৰ্ষৰ শ্ৰেষ্ঠ টি-২০ দলৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা ৰোহিত শৰ্মাক অধিনায়কত্বৰ দায়িত্ব প্ৰদান কৰা হৈছে।
ৰোহিত শৰ্মাৰ লগতে এই দলটোত স্থান পাইছে আন তিনিগৰাকী ভাৰতীয় ক্ৰিকেটাৰে। কিন্তু বিৰাট কোহলীয়ে স্থান লাভ নকৰিলে দলত। পাকিস্তানৰ তাৰকা বেটাৰ বাবৰ আজমেও আই চি চিয়ে ঘোষণা কৰা দলত স্থান লাভ কৰিছে। দলত আছে জিম্বাবৱেৰ সিকন্দৰ ৰাজাও।
আই চি চিয়ে ঘোষণা কৰা দলত অলৰাউণ্ডাৰ হিচাপে স্থান লাভ কৰিছে হাৰ্দিক পাণ্ডিয়াই। ২০২৪ বৰ্ষত পাণ্ডিয়াৰ প্ৰদৰ্শন আছিল উল্লেখণীয়। ২০২৪ত পাণ্ডিয়াই খেলা ১৭খন টি-২০ মেচত সৰ্বমুঠ ৩৫২ ৰান সংগ্ৰহ কৰিছিল। ইয়াৰ উপৰি দখল কৰিছিল ১৬টা উইকেট।
২০২৪ বৰ্ষৰ শ্ৰেষ্ট টি-২০ দলত স্থান লাভ কৰা আন দুগৰাকী ভাৰতীয় ক্ৰিকেটাৰ হৈছে জশপ্ৰীত বুমৰাহ আৰু অৰ্শদীপ সিং। বুমৰাহে ৮খন মেচত ১৫টা উইকেট দখল কৰাৰ বিপৰীতে অৰ্শদীপে ১৮খন মেচত দখল কৰিছিল ৩৬টা উইকেট।
আই চি চিৰ ২০২৪ বৰ্ষৰ শ্ৰেষ্ঠ পুৰুষ টি-২০ দল
ৰোহিত শৰ্মা (অধিনায়ক), ট্ৰেভিছ হেড, ফিলিপ ছল্ট, বাবৰ আজম, নিকোলাছ পুৰান, সিকন্দৰ ৰাজা, হাৰ্দিক পাণ্ডিয়া, ৰাছিদ খান, ৱানিন্দু হাছাৰাংগা, জশপ্ৰীত বুমৰাহ, অৰ্শদীপ সিং।