বিটিচি নিৰ্বাচন সন্দৰ্ভত আহিছে এটা ডাঙৰ খবৰ। চলিত বৰ্ষৰ ছেপ্তেম্বৰ অৰ্থাত দুৰ্গা পূজাৰ পূৰ্বেই সম্পন্ন হ’ব বিটিচি নিৰ্বাচন। আজি কোকৰাঝাৰত এই কথা সদৰী কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত সদৰী কৰে যে, আগন্তুক ছেপ্তেম্বৰ মাহৰ ২০ তাৰিখৰ ভিতৰত বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে পৰিকল্পনা কৰিছে। কিবা কাৰণত সেয়া সম্ভৱ হৈ নুঠিলে দুৰ্গা পূজাৰ আগতে যিকোনো প্ৰকাৰে নিৰ্বাচন শেষ হ’বই বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে।
উল্লেখ্য যে, চলিত বৰ্ষত দুৰ্গা পূজা অক্টোবৰৰ ২ তাৰিখলৈ চলিব। একেদৰে সমাগত পৰিষদীয় নিৰ্বাচনত UPPL আৰু বিজেপিৰ মাজৰ নিৰ্বাচনী মিত্ৰতা সন্দৰ্ভতো তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই।
নিৰ্বাচনী মিত্ৰতা প্ৰসংগত চুড়ান্ত সিদ্ধান্ত UPPLৰ সভাপতি প্ৰমোদ বড়ো আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াইহে ল’ব বুলি স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে।
উল্লেখ্য যে, ২০২০ চনৰ পৰিষদীয় নিৰ্বাচনত দয়োটা দলেই পৃথকে পৃথকে অৱতীৰ্ণ হৈছিল।