‘ক্ৰিকেটৰ ভগৱান’ শচীন তেণ্ডুলকাৰক জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত কৰিব বিচিচিআইয়ে। ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া বিচিচিআইৰ বাৰ্ষিক সমাৰোহত এই বঁটা প্ৰদান কৰিব বুলি জানিব পৰা গৈছে।
ভাৰতৰ হৈ ৬৬৪ খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলা ৫১ বছৰীয়া তেণ্ডুলকাৰৰ নামত আছে ক্ৰিকেট ইতিহাসৰ টেষ্ট আৰু এদিনীয়াত সৰ্বাধিক ৰান সংগ্ৰহ কৰাৰ অভিলেখ।
বিচিচিআইৰ সূত্ৰই এটা সংবাদ সংস্থাক জনোৱা অনুসৰি, ‘হয়, তেওঁক ২০২৪ বৰ্ষৰ বাবে চি কে নাইডু ‘জীৱনজোৰা সাধনা’ বঁটাৰে সন্মানিত কৰা হ’ব।’
তেণ্ডুলকাৰে ক্ৰিকেট কেৰিয়াৰত সৰ্বাধিক সংখ্যক ২০০ খন টেষ্ট আৰু ৪৬৩ খন এদিনীয়া মেচ খেলিছে। এদিনীয়াত ১৮,৪২৬ ৰান আৰু টেষ্টত ১৫,৯২১ ৰান সংগ্ৰহ কৰিছে। তেওঁ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত মাত্ৰ এখনহে টি-২০ মেচ খেলিছে।
উল্লেখ্য যে, ২০২৩ বৰ্ষত ভাৰতৰ প্ৰাক্তন মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰী আৰু প্ৰাক্তন উইকেটকীপাৰ ফাৰুখ ইঞ্জীনিয়াৰক এই বঁটাৰে সন্মানিত কৰা হৈছিল।
এই বঁটা লাভ কৰা তেণ্ডুলকাৰ হ’ব ৩১ সংখ্যক ক্ৰিকেটাৰ। বিচিচিআইয়ে ভাৰতৰ প্ৰথম অধিনায়ক কৰ্ণেল চি কে নাইডুৰ সন্মানত ১৯৯৪ চনৰ পৰা এই বঁটা আৰম্ভ কৰিছিল। নাইডুৱে ১৯১৬ চনৰ পৰা ১৯৬৩ চনলৈকে ৪৭ বছৰ ধৰি প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলিছিল। এয়া বিশ্ব অভিলেখ। নাইডুৱে প্ৰশাসক হিচাপেও ক্ৰীড়াৰ দিশত সেৱা আগবঢ়াইছিল।