কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে এখন বিশেষ গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ল ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰা। সোমবাৰে নতুন দিল্লীত অনুষ্ঠিত হোৱা বৈঠকখনত ভাৰতত কৃষি খণ্ডৰ বিকাশৰ প্ৰতি লক্ষ্য ৰাখি মাটিৰ উৰ্বৰতা আৰু সঞ্চয় ক্ষমতা বৃদ্ধি তথা অসমত উদ্যান শস্য ৰক্ষাৰ প্ৰণালী আৰু কৃষকৰ কল্যাণৰ লগতে কৃষি বিষয়ক বিভিন্ন বিষয় সম্পৰ্কে আলোচনা কৰা হয়।
ইয়াৰ উপৰি বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী চৌহানে কৃষক আৰু কৃষি খণ্ডৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিয়াৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ দৃঢ়তাৰ কথা স্পষ্টভাৱে প্ৰকাশ কৰে।
কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে স্থানীয় কৃষকসকলক শক্তিশালী কৰাৰ লগতে কৃষিৰ উৎপাদনশীলতা বৃদ্ধিৰ বাবে কৰ্মশালা আৰু প্ৰশিক্ষণ কাৰ্যসূচী আয়োজনৰ ক্ষেত্ৰত অসমক সম্পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ আশ্বাসো প্ৰদান কৰে।
ইয়াৰ লগতে মধ্য প্ৰদেশ আৰু অসমৰ কৃষি মন্ত্ৰীৰ মাজত আৰম্ভ হোৱা সহযোগিতামূলক প্ৰচেষ্টাই সমগ্ৰ দেশতে বহনক্ষম কৃষি পদ্ধতি আৰু গ্ৰামোন্নয়নৰ দিশত এক নতুন বাট মুকলি কৰিছে। কৃষি খণ্ডৰ ব্যাপক বিকাশ আৰু সমৃদ্ধিৰ স্বাৰ্থত আহিবলগীয়া সকলো প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ কি কি পদক্ষেপ গ্ৰহণ কৰিব লাগিব সেই বিষয়েও বৈঠকত আলোচনা কৰা হয়।